সপ্তাহৰ এই দিনত তুলসী পাত নিচিঙিব, তুলসী গছত পানী নাঢালিব..

সপ্তাহৰ এই দিনত তুলসী পাত নিচিঙিব, তুলসী গছত পানী নাঢালিব..

তুলসী গছ ঘৰত ৰখাৰ ক্ষেত্ৰত কিছু নিয়ম মনত ৰাখিব লাগিব। নহ’লে হিতে বিপৰীত হ’ব পাৰে।

  • আয়ুৰ্বেদ শাস্ত্ৰৰ দৰে জ্যোতিষ তথা বাস্তুশাস্ত্ৰতো তুলসী পাতৰ গুৰুত্ব অপৰিসীম।
  • ঘৰত তুলসীমঞ্চ থাকিলে দূৰ হয় নানা বিঘিনি। দূৰ হয় বাস্তুদোষ।
  • তুলসী গছৰ প্ৰভাৱত দূৰ হয় বিবাহৰ পথৰ বাধা। সুখী হয় বিবাহিত জীৱন।
  • কিন্তু তুলসী গছ ঘৰত ৰখাৰ ক্ষেত্ৰত কিছু নিয়ম মনত ৰাখিব লাগিব। অন্যথা হিতে বিপৰীত হ’ব।
  • গৃহস্থৰ ঘৰৰ উত্তৰ কোণত তুলসী গছ ৰখা শুভ।
  • প্ৰতিদিনে পুৱা তুলসী গছত পানী ঢালক। কিন্তু কেতিয়াও দেওবাৰে তুলসী গছত পানী নাঢালিব।
  • মহাদেৱ, গণপতি আৰু ভৈৰৱৰ উদ্দেশ্যে কোনোদিনে তুলসীপাত নিবেদন নকৰিব।
  • কোনোদিনে সন্ধিয়া তুলসীপাত নিচিঙিব।
  • দেওবাৰ, একাদশী, দ্বাদশী আৰু সংক্ৰান্তি তিথিত তুলসী গছত হাত নিদিব।

Shahnawaz Hamza

Related