38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

AC-ৰ ৰং সকলোতে কিয় বগা? ইয়াৰ আছে গুৰুত্বপূৰ্ণ কাৰণ, জানি লওক

Assamese NewsAC-ৰ ৰং সকলোতে কিয় বগা? ইয়াৰ আছে গুৰুত্বপূৰ্ণ কাৰণ, জানি লওক

আপুনি জানেনে এচিৰ বাহিৰৰ ইউনিটটো প্ৰত্যক্ষ সূৰ্যৰ পোহৰত কিয় ৰাখিব নালাগে?

দেশৰ বিভিন্ন প্ৰান্তত এতিয়া গৰমৰ প্ৰকোপ। ইয়াৰ বাবে সমগ্ৰ দেশতে এচি আৰু কুলাৰৰ চাহিদা বৃদ্ধি পাইছে। গ্ৰাহকেও ভিৰ কৰিছে দোকানত।

কিন্তু আপুনি এটা কথা লক্ষ্য কৰিছেনে যে এচিৰ ৰং সদায়ে বগা। বিশেষকৈ ইয়াৰ আউটড’ৰ ইউনিটটোৰ ৰং সদায়ে বগা।

অৱশ্যে এতিয়া কিছুমান কোম্পানীয়ে Split ACৰ ক্ষেত্ৰত আন ৰঙো ব্যৱহাৰ কৰে। কিন্তু এ চিৰ বাহিৰৰ ইউনিটটো সদায়ে বগা।

বহুতে নাজানে কিয় এচি আউটড’ৰ ইউনিটৰ ৰং সদায়ে কিয় বগা?

আচলতে বগা ৰঙে তাপ প্ৰতিফলিত কৰে। ফলত এচিৰ ভিতৰত কম্প্ৰেছাৰ গৰম হ’লেও কোনো সমস্যা নহয়। লগতে আউটড’ৰ ইউনিটটো বেছিভাগেই ৰ’দত থাকে। ফলত যদি ই বগাৰ বাহিৰে আন ৰং হয়, তেন্তে অধিক তাপৰ সমস্যা হ’ব পাৰে।

এচিৰ বাহিৰৰ ইউনিটটো প্ৰত্যক্ষ সূৰ্যৰ পোহৰত ৰাখিব নালাগে। ইয়াৰ ফলত ইউনিটটো সোনকালে বেয়া হ’ব পাৰে। ইয়াৰ উপৰি যদি ৰ’দ থাকে তেন্তে মেচিনটো ঠাণ্ডা কৰিবলৈ অধিক শক্তিৰ প্ৰয়োজন হয়। ফলত বিদ্যুতৰ বিল বেছি হ’ব পাৰে।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!