আজি মঙলবাৰ: পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদ পাবলৈ এই কাম অনুসৰণ কৰক
আজি জুন মাহৰ প্ৰথম মঙলবাৰ। মঙলবাৰৰ দিনটো হনুমান জীৰ পূজাৰ বাবে উচৰ্গা কৰা হয়। ইয়াৰ সমান্তৰালকৈ এই দিনটোত কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰি শংকতমোচনে ভক্তৰ সকলো মনোবাঞ্চা পূৰণ কৰে। যদি আপুনিও হনুমান জীক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে আজিয়েই এইবোৰ ব্যৱস্থা নিশ্চয় কৰক।
ধন-সমৃদ্ধিৰ বাবে: মঙলবাৰে নিশা শুৱাৰ পূৰ্বে সৰিয়হ তেলৰ চাকি জ্বলাই হনুমান চলিছা পাঠ কৰক। ইয়াৰ দ্বাৰা আৰ্থিক সমস্যা দূৰ হ’ব।
সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ: দীৰ্ঘদিন যদি কোনো সমস্যাই আগুৰি আছে তেন্তে মঙলবাৰে নাৰিকল লৈ হনুমান মন্দিৰলৈ যাওক। হনুমান জীৰ মন্দিৰত গৈ নাৰিকলটো মূৰেৰে কাষেৰে ৭ বাৰ ঘূৰাই ভাঙি পেলাব। ইয়াৰ দ্বাৰাই সকলো বিপদৰ পৰা মুক্তি পায়।
ইচ্ছা পূৰণৰ বাবেঃ মঙলবাৰে ১১ টা আঁহত পাত লৈ চন্দনেৰে শ্ৰীৰাম লিখি হনুমান জীক আগবঢ়াই দিব, আপোনাৰ ইচ্ছা পূৰণ কৰিবলৈ অনুৰোধ জনাওক। এই প্ৰতিকাৰত বজৰংবলী সন্তুষ্ট হ’ব আৰু আপোনাৰ সকলো ইচ্ছা পূৰণ কৰিব।
শনিৰ মহাদশাৰ পৰা পৰিত্ৰাণ পাবলৈ: ৰাশিফলত যদি শনি দোষ আছে, তেন্তে মঙলবাৰে ১০৮ টা তুলসী পাত লওক। সকলো পাতত চন্দনেৰে শ্ৰীৰাম লিখি তাৰে মালা বনাই হনুমান জীক পিন্ধাব। ইয়াৰ দ্বাৰা শনিৰ মহাদশা আঁতৰি যাব।
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ: মঙলবাৰে পুৱা গা ধুই হনুমান মন্দিৰলৈ গৈ হনুমান জীক সেন্দূৰ অৰ্পণ কৰক। ইয়াৰ পিছত মাটিৰ চাকিত ঘি দি জ্বলাই সুন্দৰকান্দ পাঠ কৰক। ১১ মঙলবাৰলৈকে এই প্ৰতিকাৰ কৰিলে ৰোগ, দুৰ্ঘটনা আৰু অকাল মৃত্যুৰ আশংকা নাইকিয়া হয়।