নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে

1 min read

*বাস্তু শাস্ত্ৰৰ মতে-ঘৰৰ আটাইতকৈ পৱিত্ৰ স্থানটোক উপাসনা গৃহ বুলি গণ্য কৰা হয়।বাস্তুৰ নীতি শক্তিৰ ওপৰত আধাৰিত আৰু বেছিভাগ শক্তি-উপাসনা গৃহৰ পৰা ওলাই আহে।

*বাস্তু শাস্ত্ৰৰ মতে-উপাসনা গৃহত ৰখা সকলো বস্তুৰ বিশেষ গুৰুত্ব আছে।নেতিবাচক শক্তি সৃষ্টি কৰা কোনো সামগ্ৰী-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।উপাসনা গৃহত ৰখা-কিছুমান বস্তুৱে-ঘৰৰ সদ্যসকলৰ ওপৰত-বেয়া প্ৰভাৱ পেলায় আৰু ঘৰলৈ-সুখ-সম্পদ-আগমণত বাধা দিয়ে।

*উপাসনা গৃহৰ পৰা কি কি-বস্তু আঁতৰাই ৰাখিব লাগে-

এই-৪টা বস্তু উপাসনা গৃহৰ পৰা আঁতৰাই পেলাওক-

১/বাস্তু শাস্ত্ৰৰ মতে-উপাসনা গৃহত কেতিয়াও-ভঙা মূৰ্তি ৰাখিব নালাগে।এয়া বিশ্বাস কৰা হয় যে-এনে মূৰ্তি ৰাখিলে-উপাসনাৰ ফলাফল নিদিয়ে আৰু নেতিবাচক শক্তি বিয়পায়।

২/উপাসনা গৃহত কেতিয়াও-একে দেৱতাৰ অধিক মূৰ্তি ৰাখিব নালাগে।বাস্তুত ইয়াক অশুভ বুলি কোৱা হয়।


৩/ফটা ধৰ্মীয় গ্ৰন্থ-কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।


৪/বাস্তু শাস্ত্ৰৰ মতে-পূৰ্ৱপুৰুষৰ ছৱি কেতিয়াও উপাসনা গৃহত ৰাখিব নালাগে।উপাসনা গৃহত এনে ছৱি-ৰখাটো-অশুভ বুলি গণ্য কৰা হয়।সেয়ে-পূৰ্ৱপুৰুষসকলৰ ছৱি-উপাসনা গৃহত নাৰাখি-ঘৰৰ আন ঠাইত ৰাখিব লাগে।

You May Also Like

More From Author