সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

0 min read

শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোৰয় ৷

তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া

সন্তোষক লভিয়ো হৃদয় ৷৷

অৰ্থাৎ , সকলো ভোগ্য বস্তু লাভৰ আকাংক্ষা ত্যাগ কৰি কৃষ্ণ নাম অমৃত পান কৰা, ৷

কৃষ্ণ নামৰ বাহিৰে জগতৰ সকলো বস্তু অনিত্য,বিনাশী ৷ধন ঐশ্বৰ্য্য সংগ্ৰহ কৰা আৰু ইয়াক চোৰ ডকাইতৰ পৰা ৰক্ষা কৰা বৰ কষ্টকৰ ৷ইয়াক ত্যাগ কৰাও বৰ দূখদায়ক ৷

কিন্তু কৃষ্ণনাম ধন পৰম ধন,ই সুখদায়ক ,অবিনাশী ৷ইয়ে ভক্তৰ পৰম ৰহস্য বিত্ত ৷পৰকালৰ লগত যোৱা ই সম্বন্ধ ৷অন্য ধন দান কৰিলে ক্ষয় হয় ৷কিন্তু নাম ধন দান কৰিলে নিজৰ ধন বাঢ়েহে ৷নাম ধন ইহ জন্মতো সুখদায়ক আৰু পৰজন্মতো অক্ষয় পন্যৰ ফলত পৰম গতি মুক্তি লাভ হয় ৷৷কৃষ্ণ৷৷

You May Also Like

More From Author