সোণাই–হাফলং-ৰাতাবাৰী সমষ্টিঃ আজি ৩ সমষ্টিৰ চাৰি কেন্দ্রত পুনৰ ভোটগ্রহণ

0 min read

দ্বিতীয় পর্যায়ৰ নির্বাচনৰ সময়ত অনিয়মৰ অভিযোগ উঠাৰ পৰিপ্রেক্ষিতত আজি তিনি সমষ্টিৰ চাৰিটা কেন্দ্রত অনুষ্ঠিত হৈছে পুনৰ ভোটগ্রহণ৷ এই কেন্দ্র চাৰিটা হৈছে– বৰাক উপত্যকাৰ ৰাতাবাৰী সমষ্টিৰ ১৪৯নং ইন্দিৰা এম ভি স্কুল (সোঁফাল), সোণাই সমষ্টিৰ ১০৯নং মধ্য ধনেহৰি এল পি স্কুল, ডিমা হাছাও জিলাৰ হাফলং সমষ্টিৰ ১০৭ (ক)নং খোথলিৰ এল পি স্কুল আৰু মুৱালদাম এল পি স্কুল৷

উল্লেখ্য যে যোৱা ১ এপ্রিলত সম্পন্ন হোৱা প্রথম পর্যায়ৰ নির্বাচনৰ সময়ত এই কেন্দ্রকেইটাত খেলিমেলি হোৱাৰ অভিযোগ উঠিছিল৷ তাৰ ভিত্তিতেই নির্বাচন আয়োগে যোৱা ১০ এপ্রিলত চাৰিওটা কেন্দ্রতেই পুনৰ ভোটগ্রহণৰ নির্দেশ দিছিল৷

সেই অনুসৰি আজি পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে৷ লক্ষণীয়ভাৱে হাফলং সমষ্টিৰ ১০৭ (ক)নং খোথলিৰ এল পি স্কুল কেন্দ্রটোত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৯০জন৷ কিন্তু কেন্দ্রটোত ১৮১জনে ভোটাধিকাৰ সাব্যস্ত কৰিছিল৷

নির্বাচন আয়োগৰ পর্যবেক্ষণত এই গুৰুতৰ বিসংগতি ধৰা পৰাৰ পিছতে তাৎক্ষণিকভাৱে কেন্দ্রটোৰ নির্বাচনী দায়িত্বত থকা ৫ বিষয়া–কর্মচাৰীক নিলম্বন কৰা হয়৷ প্রিজাইডিং আৰু প্রথম প’লিং বিষয়াই এইক্ষেত্রত স্বীকাৰ কৰিছিল যে ১০৭নং মুৱালদাম এল পি স্কুলৰ মূল কেন্দ্রত পঞ্জীভুক্ত একাংশ ভোটাৰক তেওঁলোকে অতিৰিক্তভাৱে স্থাপন কৰা ১০৭ (ক)নং খোথলিৰ এল পি স্কুল কেন্দ্রত ভোটদানৰ অনুমতি দিছিল৷

সেইদৰে ৰাতাবাৰী সমষ্টিৰ ১৪৯নং ইন্দিৰা এম ভি স্কুল কেন্দ্রত ভোটদান সম্পন্ন হোৱাৰ পিছত ই ভি এমটো পাথাৰকান্দি সমষ্টিৰ বিজেপি প্রার্থীজনৰ পত্নীৰ নামত থকা এখন বাহনত উদ্ধাৰ হোৱাক কেন্দ্র কৰি উদ্ভৱ হৈছিল উত্তেজনাময় পৰিস্থিতিৰ৷

সেইদৰে সোণাই সমষ্টিৰ ৪৬৩নং মধ্য ধনেহৰি এল পি স্কুল কেন্দ্রত ভোটগ্রহণৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল৷ সেই সময়ত কেন্দ্রটোত উপস্থিত আছিল সমষ্টিটোৰ বিজেপি প্রার্থী তথা অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ৷ আনকি গুলীচালনাৰ ঘটনাত তিনিজনকৈ লোক আহত হোৱাক লৈ পৰৱর্তী সময়ত লস্কৰৰ ৫জন নিৰাপত্তাৰক্ষীকো নিলম্বন কৰা হৈছিল৷

ইফালে, অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, ক’ৰোনাৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি পুনৰ ভোটগ্রহণ তথা অহা ২ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোটগণনাৰ সময়ত ক’ভিড প্রট’কল কঠোৰভাৱে বলৱতক লৈ কাঢ়া নজৰ ৰখা হ’ব৷

You May Also Like

More From Author