29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

বাক্সাৰ গৱেষিকা ছাত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি

Assamese Newsবাক্সাৰ গৱেষিকা ছাত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি

 পোন প্ৰথমবাৰৰ বড়ো জনগোষ্ঠীৰ এগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি(PMRF) লাভ কৰি বাক্সা জিলাৰ লগতে সমগ্ৰ বিটিআৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দৰ জোৱাৰ উঠিছে ৷ বাক্সা জিলাৰ শিমলাৰ গৱেষিকা ছাত্ৰী উজিনী দেৱী দৈমাৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি লাভ কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ জৈৱবিজ্ঞান আৰু জৈৱআভিযান্ত্ৰিক বিভাগৰ ছাত্ৰী উজিনীয়ে “কেঞ্চাৰ বায়লজী” শীৰ্ষক গৱেষণাৰ বাবে এই জলপানি লাভ কৰিছে ৷ প্ৰধানমন্ত্ৰীৰ এই গৱেষণা জলপানিত গৱেষিকা ছাত্ৰী গৰাকীয়ে প্ৰায় ৫০ লাখ টকাৰ জলপানি হিচাপে লাভ কৰিব ৷ সম্প্ৰতি গৱেষিকা ছাত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত ব্যাপকৰূপত দেখা দিয়া মুখমণ্ডলৰ কৰ্কট ৰোগৰ বিষয়ে গৱেষণা চলাই তাৰ নতুন চিকিৎসাবিধি সম্পৰ্কে গৱেষণা অব্যাহত ৰাখিছে ৷ অধ্যাপক অজয় কুমাৰ বি কুন্নুমাক্ৰাৰ তত্বাৱধানত গৱেষণা কৰি থকা উজিনী বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলাৰ ৰতন সিং দৈমাৰী আৰু বেলি দেৱী চৌধুৰীৰ কন্যা তথা চাপাগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰীৰ ভাগিনীয়েক ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!