পণ্টক চিনি নোপোৱা বাছচালকে উদ্ধাৰ কৰিছিল দুর্ঘটনাগ্রস্ত পণ্টক

পণ্টক চিনি নোপোৱা বাছচালকে উদ্ধাৰ কৰিছিল দুর্ঘটনাগ্রস্ত পণ্টক

ক্রিকেট নোচোৱা আৰু ঋষভ পণ্টক চিনি নোপোৱা বাছচালক এজনে দুর্ঘটনাত পতিত হৈ আহত হোৱা ঋষভ পণ্টক উদ্ধাৰ কৰিছিল৷ আহত লোকজনক তেওঁ চিনি পোৱা নাছিল যদিও ততাতৈয়াকৈ এম্বুলেঞ্চৰ ব্যৱস্থা কৰি চিকিৎসালয়লৈ প্রেৰণৰ ব্যৱস্থা কৰিছিল বাছচালকজনে৷ সুশীল মান নামৰ বাছচালকজনে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে তেওঁৰ বিপৰীত দিশৰ পৰা তীব্র গতিৰে বিলাসী বাহন এখন আহি আছিল আৰু ডিভাইডাৰত প্রচণ্ড খুন্দা মাৰিছিল৷ সেই দৃশ্য দেখি লগে লগে তেওঁ নিজৰ বাছখন একাষৰীয়াকৈ ৰাখি ডিভাইডাৰৰ ওচৰলৈ দৌৰি গৈছিল৷ তেওঁ ভাবিছিল যে গাড়ীখনে বাছৰ তলত সোমাই যাব৷ কিন্তু সেয়া নহৈ ডিভাইডাৰত খুন্দা মাৰিছিল৷ খিৰিকীৰ আইনা ভাগি আধা ওলাই থকা পণ্টক তেওঁ ওলাই অনাৰ সময়ত কৈছিল তেওঁ এগৰাকী ক্রিকেটাৰ৷ ক্রিকেটাৰজনে আনকি তেওঁৰ ফোনটো উলিয়াই দি মাতৃক ফোন কৰিবলৈও জনাইছিল যদিও মাতৃৰ ফোনটো ছুইচ অফ আছিল৷ মই ক্রিকেট নাচাওঁ আৰু তেওঁক চিনি নাপাওঁ৷ কিন্তু আনবোৰে তেওঁক চিনি পাইছিল৷ ক্রিকেটাৰগৰাকীক কাৰখনৰ পৰা উলিয়াই অনাৰ পাছত তেওঁ তাত কি কি আছিল সেয়া লক্ষ্য কৰিছিল৷ গাড়ীখনৰ পৰা নীলা বেগ এটা আনিছিল আৰু প্রায় ৭–৮ হাজাৰ টকা পাইছিল৷ সেইখিনি এম্বুলেঞ্চত দি পঠাইছিল৷

GTM Desk

Related