‘হাতযোৰ কৰিছো, মোৰ ল’ৰাটো ঘূৰাই দিয়ক, সি তেনেকুৱা নহয়’!

‘হাতযোৰ কৰিছো, মোৰ ল’ৰাটো ঘূৰাই দিয়ক, সি তেনেকুৱা নহয়’!

এখন ঘৰ। যিখন ঘৰ আজি আনন্দত উখল–মাখল হৈ থাকিব লাগিছিল। আলহী–অতিথিৰে ভৰি পৰিব লাগিছিল। অন্তহীন ব্যস্ততাত তৎ নাইকীয়া হৈ থাকিব লাগিছিল পৰিয়ালৰ লোকসকল। কিন্তু সেই ঘৰখনত আনন্দৰ সলনি এতিয়া কান্দোনৰ ৰোল উঠিছে।

কাইলৈ বিয়াৰ অভ্যৰ্থনা আছিল অৰূপ দাসৰ। কিন্তু জীৱনৰ আটাইতকৈ সুন্দৰ মুহূৰ্তটোৰ আনন্দ ল’ব নোৱাৰিলে অৰূপ দাসে। গুৱাহাটীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল অৰূপ দাস। বন্দনা কলিতা আৰু ধনটি দাসৰ সৈতে গ্ৰেmy son says arups fatherপ্তাৰ হ’ল অৰূপ।

এই ঘটনাৰ পিছতে এতিয়া কান্দোনৰ ৰোল উঠিছে অৰূপৰ ঘৰত। বিয়াৰ সকলো যা–যোগাৰ কৰিছিল পিতৃয়ে। অৰ্ডাৰ কৰিছিল মাছ–মাংসও। কিন্তু এতিয়া ঘৰখনত বিয়াৰ আনন্দৰ সলনি কান্দোনৰ ৰোল। হিয়া ঢাকুৰি কান্দিছে অৰূপৰ পিতৃ–মাতৃয়ে।

কান্দি কান্দি অৰূপৰ পিতৃয়ে ক’লে – ‘‘মোৰ ল’ৰা ভাল। কিবা খুৱাই লৈ তাক পাগল কৰি দিছে। সকলো ষড়যন্ত্ৰ, মিছা কথা। মোৰ ল’ৰাক মিছা কথাত ফচাইছে। সকলো মিছা কথা। মোৰ ল’ৰাটো আনি দিয়ক। হাত যোৰ কৰিছো মোৰ ল’ৰাটোক ঘূৰাই দিয়ক। মই ল’ৰাক পঢ়াইছো, বেয়া কামত পঠোৱা নাই, কোনেও ক’ব নোৱাৰে। মই ইয়াতে বুঢ়া হৈছো, মিছা কথা নকওঁ। ১০ বছৰ বয়সৰ পৰা ইয়াতে আছো।’’

GTM Desk

Related