Revised SOP : বহিঃৰাজ্যৰ পৰা বিমানেৰে অসমলৈ অহা সকলোৱে কৰিব লাগিব Covid Test!

Revised SOP : বহিঃৰাজ্যৰ পৰা বিমানেৰে অসমলৈ অহা সকলোৱে কৰিব লাগিব Covid Test!

হয়, এতিয়াৰে পৰা বিমানেৰে আপুনি যদি বহিঃৰাজ্যৰ পৰা অসমলৈ আহে তেনেহ’লে বিমান বন্দৰতে কৰিব লাগিব ক’ভিড পৰীক্ষা। প্ৰথমে আপুনি কৰিব লাগিব Rapid Antigen Test। RAT পজিটিভ ওলালে home isolation অথবা হাস্পতাললৈ যাব লাগিব, নিগেটিভ ওলালে পুনৰ বিমান বন্দৰত RT-PCR পৰীক্ষা কৰিব লাগিব।(সম্প্ৰতি RT-PCR পৰীক্ষাৰ বাবে সৰ্বোচ্চ ৫০০ টকা মূল্যৰ কথা SOPত উল্লেখ আছে।)

RT-PCR পৰীক্ষা কৰাৰ পিছত হাতত ষ্টেম্প লগাই দিয়া হ’ব আৰু ফলাফল নোপোৱালৈ তেওঁ quarantineত থাকিব লাগিব। RT-PCR পৰীক্ষাৰ ফলাফল পজিটিভ আহিলে home isolation অথবা হাস্পতাললৈ যাব লাগিব। নিগেটিভ আহিলে ক’ভিড প্ৰট’কল মানি তেওঁ চলাচল কৰিব পাৰিব।অৱশ্যে কোনো যাত্ৰীয়ে যদি পোনে পোনে উত্তৰ পূবৰ অন্য ৰাজ্যলৈ যাত্ৰা কৰে আৰু দেহত কোনো বেমাৰৰ লক্ষণ নাথাকে তেওঁক যাত্ৰা কৰিবলৈ দিয়া হ’ব।

Source:News18Assam

GTM Desk

Related