ধ্বিক মানৱতা! দুৰ্ঘটনাত আহত ঋষভ পণ্টক সহায় কৰাৰ পৰিৱৰ্তে ধন লৈ পলায়ন একাংশৰ…

ধ্বিক মানৱতা! দুৰ্ঘটনাত আহত ঋষভ পণ্টক সহায় কৰাৰ পৰিৱৰ্তে ধন লৈ পলায়ন একাংশৰ…

ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টৰ শুকুৰবাৰে পুৱা ৰুৰকীত এক দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ঋষভ। দুৰ্ঘটনাটোৰ পিছত পণ্টে গাড়ীৰ গ্লাছ ভাঙি ওলাই আহি বিষত ভুগি আছিল, তাৰ পিছত তাত উপস্থিত থকা একাংশ লোকে তেওঁৰ বেগৰ পৰা টকা লৈ পলায়ন কৰে। অৱশ্যে তাত থকা দুজন মানুহে পণ্টক সহায় কৰি হাস্পতাললৈ নিছিল।

উল্লেখ্য যে ঋষভৰ গাড়ীখন তীব্ৰবেগীত আছিল আৰু টোপনিৰ বাবে গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰে। ইয়াৰ পিছতে পণ্টে গাড়ীৰ গ্লাছ ভাঙি ওলাই আহিল। এই ঘটনাৰ পিছত কিছু মানুহ তাত উপস্থিত হ’ল, যিয়ে ঋষভক সহায় কৰাৰ পৰিৱৰ্তে তেওঁৰ টকা লৈ পলায়নহে কৰিছিল।

এক বাতৰি অনুসৰি ঋষভৰ গাড়ীত প্ৰায় ৩-৪ লাখ টকা আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজপথত সিঁচৰতি হৈ পৰে ধনখিনি। এই কথা দেখি তাত উপস্থিত হোৱা মানুহবোৰে টকা সংগ্ৰহ কৰিবলৈ ধৰিলে।

তাৎপৰ্যপূৰ্ণভাৱে দুৰ্ঘটনাৰ পিছতে ঋষভক ৰুৰকীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত তেওঁক ডেৰাডুনৰ মেক্স হাস্পতাললৈ স্থানান্তৰ কৰা হয়। এতিয়া পণ্টৰ অৱস্থা সুস্থিৰ আৰু তেওঁ বিচিচিআইৰ চিকিৎসকৰ দলৰ তত্বাৱধানত আছে।

GTM Desk

Related