গুৱাহাটী: ভৰলু–বশিষ্ঠত ৩৫ এক্সকেভেটৰেৰে চলিছে খনন

0 min read

গুৱাহাটী মহানগৰীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দিনে–নিশাই কাম চলাইছে নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই৷ যোৱা ২১ মে’ত দায়িত্বভাৰ গ্রহণ কৰিয়েই পৌৰ আয়ুক্ত দেৱাশিস শর্মাই মহানগৰবাসীয়ে দীর্ঘদিন ধৰি সন্মুখীন হৈ অহা কৃত্রিম বান সমস্যাৰ পৰা মুক্ত কৰাৰ বাবে ভৰলু–বশিষ্ঠ–বাহিন্ এক্সকেভেটৰেৰে খননৰ কাম আৰম্ভ কৰিছে৷ ভৰলু–বশিষ্ঠ–বাহিন্ নৈকে ধৰি মহানগৰীৰ পৰা পানী ব্রহ্মপুত্রলৈ উলিয়াই নিয়াৰ বাবে খনন কার্য অব্যাহত ৰাখিছে৷ ৩৫খনকৈ এক্সকেভেটৰেৰে পৌৰ নিগমৰ অভিযন্তা, কর্মচাৰী আৰু ঠিকাদাৰে খননকার্য অব্যাহত ৰাখিছে৷ বাৰিষাৰ সময়ছোৱাত যাতে মহানগৰবাসীয়ে কৃত্রিম বানত দুর্ভোগ ভুগিব নালাগে তাৰ লক্ষ্যৰে ৩৫খনকৈ এক্সকেভেটৰেৰে ভৰলু–বশিষ্ঠ নদীৰ খনন আৰু পৰিষ্কাৰৰ কাম চলাই আছে৷

পৌৰ আয়ুক্ত দেৱাশিস শর্মাই ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে গুৱাহাটী মহানগৰীৰ প্রধান তিনিটা সমস্যা ক্রমে কৃত্রিম বান, আৱর্জনা আৰু বিশুদ্ধ খোৱাপানী৷ বছৰৰ পাছত বছৰ ধৰি মহানগৰবাসীয়ে কৃত্রিম বানৰ সন্মুখীন হৈ অহাৰ লগতে বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে৷ ইয়াৰ উপৰি গুৱাহাটী মহানগৰীৰ নলা–নর্দমাসমূহ পৰিষ্কাৰৰ কাম পৌৰ নিগমে আৰম্ভ কৰিছে৷ পৌৰ নিগমৰ ঠিকাদাৰ আৰু কর্মচাৰীসকলে নলা–নর্দমাসমূহ পৰিষ্কাৰৰ কাম কৰি আছে৷ বিশেষকৈ নলা–নর্দমাসমূহত একাংশ অসচেতন লোকে প্লাষ্টিকৰ আৱর্জনা পেলোৱাৰ ফলতেই নলা–নর্দমাসমূহেৰে পানী ওলাই যাব নোৱাৰি কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷

অঞ্চল বিশেষে হোৱা এই কৃত্রিম বানত বছৰৰ পাছত বছৰ ধৰি মহানগৰীৰ বাসিন্দাসকলে দুর্ভোগ ভুগিবলগীয়া হৈছে৷ সেয়েহে প্রাথমিক পর্যায়ত নলা–নর্দমা পৰিষ্কাৰ কৰি পানীৰ সোঁত বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে পৌৰ নিগমে৷ ইয়াৰ উপৰি বশিষ্ঠ, বাহিনী, ভৰলু নৈ, খানাজান আৰু বোন্দাজানেৰে ব্রহ্মপুত্রলৈ যাতে পানী ওলাই যাব পাৰে তাৰ বাবে ৩৫খনকৈ এক্সকেভেটৰেৰে খনন আৰু পৰিষ্কাৰৰ কাম চলি আছে৷ পৰৱর্তী সময়ত গুৱাহাটীৰ নলা–নর্দমা, ভৰলু, বাহিনী, বশিষ্ঠ, বোন্দাজান, খানাজানৰ খনন আৰু পৰিষ্কৰণৰ বাবে উন্নত মানৰ মেচিনাৰী ব্যৱহাৰ কৰা হ’ব৷ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সহায়ত উন্নত মানৰ মেচিনাৰী ব্যৱহাৰ কৰি কৃত্রিম বান ৰোধ কৰাৰ বাবে দীর্ঘম্যাদী পৰিকল্পনা গ্রহণ কৰা হ’ব বুলিও পৌৰ আয়ুক্ত দেৱাশিস শর্মাই জানিবলৈ দিয়ে৷ পৌৰ আয়ুক্তগৰাকীয়ে এইক্ষেত্রত মহানগৰবাসীৰ সহায়–সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে৷ গুৱাহাটী মহানগৰী সর্বাংগসুন্দৰ কৰি কৃত্রিম বানমুক্ত আৰু দেশৰ ভিতৰত আগশাৰীৰ এখন মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে দিনে–নিশাই জি এম চিৰ বিষয়া–কর্মচাৰীয়ে কাম কৰি অহাক লৈ মহানগৰবাসীয়ে শলাগ লৈছে৷

You May Also Like

More From Author