মৰিগাঁও ৰ সাত গাঁও ত নিশা লোমহৰ্ষক ডকাইতি কাণ্ড

মৰিগাঁও ৰ সাত গাঁও ত নিশা লোমহৰ্ষক ডকাইতি কাণ্ড

মৰিগাঁও নগৰৰ পৰা ৮ কিলোমিটাৰ নিলগৰ সাত গাওঁ অঞ্চলত কালি নিশা নীৰৱ দাস নামৰ ব্যক্তিজনৰ ঘৰত ৬/৭ জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি পৰিয়ালৰ সকলো সদস্যক আবদ্ধ কৰি শাৰীৰিক ভাৱে প্ৰহাৰ কৰি নগদ ধন আৰু মূল্যৱান অলংকাৰ লুট কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা প্ৰায় ডেৰ বজাত নীৰৱ দাস ৰ পৰিয়াল নিদ্ৰাৰত অৱস্থাত থাকোতে গেটৰ আৰু মূল কোঠাৰ দৰ্জা ভাঙি ৬/৭জনীয়া ডকাইতৰ দলে বলপূৰ্বক প্ৰৱেশ কৰি নীৰৱ দাস তেওঁৰ পৰিবাৰ আৰু চাৰি কন্যাক পিষ্টল আৰু তৰোৱাল জাতীয় চোকা অস্ত্ৰ প্ৰদৰ্শন কৰি হাতে ভৰিয়ে বান্ধি পেলাই আৰু শাৰীৰিক ভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

প্ৰায় দুঘণ্টা ধৰি ডকাইত কেইটাই ঘৰখনত তাণ্ডৱ ৰ সৃষ্টি কৰি সোণৰ কিছু অলংকাৰ আৰু নগদ পৰাই ২৫ হাজাৰ টকা লুট কৰি নিয়ে। ঘটনাৰ পিছতে পৰিয়ালটোৱে ওচৰ চুবুৰীয়াক খবৰ দিয়াৰ পিছত মিকিৰ ভেটা আৰু জালুগুটি আৰক্ষী নিশাই উপস্থিত হৈ ঘটনাস্থলীত। পোৱাৰ ভাগত অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীস বৰুৱা ঘটনা স্থলীত উপস্থিত হয় তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈ ডকাইত কৰায়ত্ব হোৱা নাই।

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.