ভাল খবৰঃ গোল্ডেন গ্ল’ব বঁটাত শ্ৰেষ্ঠ গীতৰ খিতাপ লাভ RRRৰ গীত ‘নাটু নাটু’ৰ

ভাল খবৰঃ গোল্ডেন গ্ল’ব বঁটাত শ্ৰেষ্ঠ গীতৰ খিতাপ লাভ RRRৰ গীত ‘নাটু নাটু’ৰ

দক্ষিণ ভাৰতীয় চিনেমাৰ প্ৰবীণ পৰিচালক এছ এছ ৰাজামৌলিৰ ছবি ‘আৰ আৰ আৰ’ৰ ছুপাৰহিট গীত ‘নাটু নাটু’ (Naatu Naatu) য়ে ২০২৩ চনৰ গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে। এই বঁটাত ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰৰ এই গীতটিয়ে শ্ৰেষ্ঠ গীত চলচ্চিত্ৰৰ খিতাপ লাভ কৰিছে। এনে পৰিস্থিতিত ‘আৰ আৰ আৰ’ ছবিখনৰ নিৰ্মাতাসকলৰ বাবে ই এক বৃহৎ সফলতাৰ মুহূৰ্ত বুলি বিবেচিত হৈছে। কাৰণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰে সফলতা অৰ্জন কৰাটো ভাৰতীয় ছবিৰ বাবে গৌৰৱৰ বিষয়।

উল্লেখ্য যে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ বেভাৰলী হিলছৰ বেভাৰলী হিল্টনত অনুষ্ঠিত হৈছে ৮০ সংখ্যক গোল্ডেন গ্ল’ব বঁটা। এই আন্তঃৰাষ্ট্ৰীয় বঁটা অনুষ্ঠানত দেশৰ লগতে বিশ্বৰ বহু ছবি আৰু শিল্পীয়ে মনোনীত হৈছে। ভাৰতীয় চিনেমাৰ হৈ এছ এছ ৰাজামৌলিৰ ছবি আৰ আৰ আৰ এই গোল্ডেন গ্ল’ব বঁটাত দুটা শাখাত মনোনীত হৈছে। ইয়াৰে ছবিখনে এতিয়া শ্ৰেষ্ঠ গীতৰ শাখাত জয়লাভ কৰিছে।

এই তথ্য গোল্ডেন গ্ল’ব বঁটা ২০২৩ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত দিয়া হৈছে আৰু কোৱা হৈছে যে ৮০ সংখ্যক গোল্ডেন গ্ল’ব বঁটাৰ শ্ৰেষ্ঠ গীত-চলচ্চিত্ৰৰ বিজয়ী গায়ক এম এম কীৰাৱনীৰ আৰ আৰ আৰ ছবিৰ নাটু নাটু গীত। ইয়াৰ বাবে সকলোকে অভিনন্দন।

GTM Desk

Related