ৰূপহীহাট আৰক্ষীৰ অভিযানত গঁড়ৰ খড়্গাসহ আটক দুই সৰবৰাহকাৰী
ৰূপহীহাট আৰক্ষীয়ে পূব চাইদৰীয়াৰ পৰা গড়ৰ খড়্গাসহ দুই খড়্গা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি নগাঁও অপৰাধ শাখা আৰু ৰূপহীহাট আৰক্ষীৰ যৌথভাৱে অভিযান চলাইছিল। আটকাধীন সৰবৰাহকাৰী কেইটা ক্রমে গুনাবাৰীৰ মনিৰুল ইছলাম আৰু পূব চাইদৰৰ ইকবাল হুছেইন। সম্প্রতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।