‘মিঞা সকলে কিতানী-বালানী কয়, ইহঁত কেনেকৈ অসমীয়া?’ : ৰূপজ্যোতি কুৰ্মী
কংগ্ৰেছৰ সন্দৰ্ভত প্ৰশ্ন কৰোঁতে এই উত্তৰ দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, ‘‘ৰাজীৱ ভৱনত চূণ–তেল দি যজ্ঞ কৰিব লাগিছিল কংগ্ৰেছে। সেয়া নকৰি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰে নিৰ্বাচনত জিকিব নোৱাৰে। চৰকাৰ থাকোতে ৰে’ল সংযোগ, বিমান সংযোগে কৰিব নোৱাৰিলে কংগ্ৰেছে। নৰেন্দ্ৰ মোদী বহু ওপৰত, তেওঁক আৰু কোনেও চুব নোৱাৰে।’’
ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ভূপেন বৰাই নিজৰ সমষ্টিত কাম কৰিব এৰি ধুবুৰীলৈ গৈছে। কংগ্ৰেছে ওলোটাকৈ আৰম্ভ কৰিছে, ধুবুৰীৰ পৰা নহয়, শদিয়াৰ পৰাহে আৰম্ভ হয় অসম।
ইফালে, মিঞা মিউজিয়াম সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত ৰূপজ্যোতি কয়, ‘‘মণিপুৰী নাঙলেৰে ময়ো হাল বাইছিলো সৰুতে। নাঙল অসমীয়াৰ, অসমীয়াৰ স্বাভিমান, মিঞাৰ নহয়। লাচিত বৰফুকনে অসমৰ পৰা মোগল খেদিছিল। অসমীয়া ভাষা মিঞাই জীয়াই ৰাখিব নালাগে, অসমীয়াই নিজে নিজকে ৰক্ষা কৰিব জানে। মিঞাই কিতানী-বালানী কয়, এইসকল অসমীয়া নেকি?’’
‘‘অসম মানে অসমীয়া, যিয়েই অসমীয়া বুলি গৰ্ব কৰিব তেওঁহে তিষ্টি থাকিব অন্যথা নহ’ব। মিঞাৰ নীলা, ৰঙা, সেউজীয়া ৰঙৰ লুঙী বাহিৰে আন কি আছে? মিঞা সকলে অসমত বেছি পেক-পেকাই থাকি লাভ নাই।’’ – ক’লে ৰূপজ্যোতি কুৰ্মীয়ে।
