টীয়কৰ প্ৰতিবেদক ২৫ জুন /২৩

নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰথমখন খচৰা প্ৰকাশ হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যতে বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক দল সংগঠন ব্যক্তি বিশেষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।বহুতে এই সমষ্টি নৱ নিৰ্ধাৰণৰ প্ৰতিক্ৰিয়াক আদৰণি জনাইছে আৰু বহুতে আসোৱাহপূৰ্ণ বুলি অভিহিত কৰিছে।তেনে সময়তে টীয়কত আজি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ দৈনন্দিন ব্যস্ততাৰ বাবে এই পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশ পোৱা প্ৰথমখন খচৰা পঢ়িবলৈ সময় পোৱা নাই।অৱশ্য এই খচৰাক সমৰ্থন জনাইছে ৰূপজ্যোতি কুৰ্মীয়ে আৰু এই ব্যৱস্থাই সম উন্নয়নত ভূমিকা পালন কৰিব বুলি তেওঁ আশাবাদী।ইপিনে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধীয়ে ৰাইজক চৰম প্ৰতাৰণা কৰিছে বুলি মত প্ৰকাশ কৰিছে। লগতে সমষ্টিৰ এই নিৰ্ধাৰণত বিৰোধী দলৰ বহু নেতা তথা অখিল গগৈ অসুৰক্ষিত হোৱাৰ বাবে
মুখ খোল খাইছে বিৰোধীৰ আৰু নিজ স্বাৰ্থৰ কাৰণে বিৰোধীয়ে এই খচৰাক আসোৱাহপূৰ্ণ বুলি অভিহিত কৰি অসমৰ জণগণক বিপথে পৰিচালিত কৰিছে বুলিও জানিবলৈ দিছে বিজেপি ৰ বিধায়ক গৰাকীয়ে।