BPF ৰ মানুহকে পুনৰ BPF ত যোগদান কৰাইছে: ৰণগৌৰা নাৰ্জাৰী
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বাক্সাতো অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী । বাক্সাৰ মুছলপুৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰণগৌৰা নাৰ্জাৰী । বাক্সাৰ ১২৪ খন বিদ্যালয়ৰ ৬৭৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ চাইকেল বিতৰণ কৰা হয় ।
আনহাতে সমাগত লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা সন্দৰ্ভত তেওঁ কয় যে ৰাজনৈতিক দলে নিজৰ নিজৰ এজেণ্ডা অনুসৰি কাম কৰিব । UPPL য়েও NDA হিচাপে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৰণগৌৰা নাৰ্জাৰীয়ে । ইয়াৰোপৰি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে চৰকাৰে যোগান ধৰা চাইকেলসমূহ নীতি-বহিঃৰ্ভূতভাৱে বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে আগতীয়াকৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰাৰ কাৰণে আই এছ ভৱেন দেউৰীক চাকৰিৰ পৰা নিলম্বন কৰা হয় বুলি মন্তব্য কৰে ৰণগৌৰা নাৰ্জাৰীয়ে ।