সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশন স্থগিত

সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশন স্থগিত

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ১৬ ১৭ আৰু ১৮ মে’ ত শিলচৰত অনুস্থিত হ’বলগীয়া ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা সাম্প্রতিক সময়ৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ভাবে স্থগিত ৰখা হৈছে।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিছে  পৰিষদ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান  শ্যামন্ত দাসে। বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি যোৱা কিছুদিন ধৰি অসম আৰু মেঘালয়ত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী-শিলচৰৰ মাজতৰ ৰেল চলাচল ৰেলৱে’ কৰ্তৃপক্ষই বাতিল কৰাত আৰু পথৰ যাতায়ত সুচল নোহোৱাত জিলা কৰ্মচাৰী পৰিষদ আৰু কৰ্মচাৰী সংগঠন সমূহৰ প্ৰতিনিধি অহা যোৱাত বাধাগ্রস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত অধিৱেশন সাময়িক ভাৱে স্থগিত ৰখা হৈছে।

Shahnawaz Hamza