বুবু কোঁৱৰৰ পিছত আৰক্ষীৰ জালত ছহিদুল, পলায়নৰ চেষ্টাৰ সময়তে আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত

বুবু কোঁৱৰৰ পিছত আৰক্ষীৰ জালত ছহিদুল, পলায়নৰ চেষ্টাৰ সময়তে আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত

ধুবুৰীৰ  চাপৰ হাতীপোতা শ্ৰীগ্ৰাম গাঁৱৰ আব্দুল ওহাব আৰু আব্দুল ৰহিম নামৰ দুই ভাই-ককাইৰ ঘৰত ডকাইতি ঘটনাৰ মুল মাষ্টাৰ মাইণ্ড তথা কুখ্যাত ডকাইত ছহিদুল ইছলাম অৱশেষত গ্ৰেপ্তাৰ।

বিগত কেইবাদিনো পলাতক ছহিদুলৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই অসম-মেঘালয় সীমান্তৰ পৰা কৰায়ত্ত কৰে  চাপৰ হাতীপোতাৰ ডকাইটি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড ছহিদুল।

হাতীপোতাত ডকাইত ছহিদুলে ডকাইতি কৰা সামগ্ৰীসমুহ দেখুৱাই দিয়া স্থানত যোৱাৰ পিছতে নিশা ডকাইত ছহিদুলে শৌচালয়ত যাব বুলি কোৱাত আৰক্ষীয়ে এখন হাতৰ হেণ্ড কাফ খুলি এজন কনিষ্টবলসহ কেবাজনো আৰক্ষী লগত পঠাই দি শৌচালয়ত যাব দিয়ে  যদিও ছহিদুলে হেণ্ডকাফ সহ কনিষ্টবলক প্ৰহাৰ কৰি এন্ধাৰৰ সুয়োগ লৈ পলাই যাবলৈ চেষ্টা কৰে। উপায়বিহীন হৈ আৰক্ষীয়ে ছহিদুলৰ সোঁভৰি লৈ প্ৰথমে এজাঁই গুলী নিক্ষেপ কৰে যদিও আঘাতপ্ৰাপ্ত ডকাইত ছহিদুল পুনৰ পলাই যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে পুনৰ এজাঁই  গুলী নিক্ষেপ কৰে।

কুখ্যাত ডকাইত ছহিদুল অকল ডকাইতিয়ে নহয় ধৰ্ষণ, ব্লেক মেইলিং, হত্যা আদিৰ দৰে জঘন্য ঘটনাত জড়িত আছিল। লগতে ছহিদুলে ডকাইতি কৰি ঘৰৰ মহিলাক অজ্ঞান কৰি অশ্লীল ফটো আৰু ভিডিঅ’ প্ৰস্তুত কৰি ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগ আছে  বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰ্তমানে আহত ছহিদুল ধুবুৰী অসামৰিক সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

GTM Desk

Related