নগাঁৱৰ খালৈগাঁৱত “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” মুকলি

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৫জুন:– নগাঁও জিলা যোগ সন্থাৰ সৌজন্যত হাতীচোং মৌজাত শুক্ৰবাৰে “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” নামৰে যোগ,প্ৰাণায়ম আৰু প্ৰাকৃতিক চিকিৎসাৰ অনুষ্ঠান এটি মুকলি কৰা হয় ।

এই উপলক্ষে খালৈগাঁৱৰ চৰ্দাৰ বল্লভভাই পেটেল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কেন্দ্ৰটিৰ শুভাৰম্ভণি উপলক্ষে সমাজকৰ্মী শিৱজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈ, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা,আন্তঃৰাষ্ট্ৰীয় যোগ ৰেফাৰী,অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা,অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষয়িত্ৰী লিলি সন্দিকৈ, কাকমাৰী গাঁও পঞ্চায়তৰ সভাপতি লক্ষ্যজ্যোতি হাজৰিকা,কাকমাৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰমানন্দ গোস্বামী,প্ৰধান শিক্ষয়িত্ৰী মীনা মহন্ত,হাতীচোং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নেকিবুৰ ৰহমান আদিয়ে সাম্প্ৰতিক সময়ত যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত বক্তব্য ৰাখে।যোগ প্ৰশিক্ষক বিমানৰঞ্জন মেধি আৰু ৰুমি হাজৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠিছে এই যোগ কেন্দ্ৰটি ।

“আলিবাট প্ৰকাশন”ৰ স্বত্বাধিকাৰী প্ৰাজ্ঞল কুমাৰ মহন্তই সামগ্ৰিক আঁত ধৰা সভাখনিত বিশিষ্ট কবি কেশৱ বৰা,অৱসৰপ্ৰাপ্ত অভিযন্তা বিষ্ণু বৰা,ৰাষ্ট্ৰীয় যোগ বিচাৰক বিচিত্ৰৰঞ্জন বৰা,সংবাদকৰ্মী প্ৰিয়ংকা দেৱী,সমাজ সংগঠক মহীন্দ্ৰ মহন্ত,টিকেন মেধি,শিৱ প্ৰসাদ মহন্ত,চন্দ্ৰ শৰ্মা,বকুল মহন্ত, দিপু ডেকা আদি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে । সভাখনত ক্ষিৰোদ মহন্তই গীত পৰিবেশনে উপস্থিত সকলোকে আপ্লুতকৰে । উল্লেখ্য যে,খালৈগাঁৱৰ অঞ্চলবাসী উপকৃত হ’ব পৰাকৈ এই যোগ কেন্দ্ৰটো স্থাপন কৰাৰ বাবে গ্ৰামাঞ্চলটোৰ ৰাইজে উদ্যোক্তাসকলক প্ৰশংসা কৰিছে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author