সঞ্জীৱৰ বাসগৃহত শোকাকুল পৰিৱেশ

1 min read

সঞ্জীৱ শৰ্মাক আলফা স্বাধীনে হত্যা কৰাৰ বাতৰি সম্পৰ্কে পৰিয়াল অৱগত হোৱাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সঞ্জীৱ শৰ্মাৰ বাসগৃহত৷ ইয়াৰ পাছতে সঞ্জীৱৰ পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিশেষকৈ সঞ্জীৱৰ পিতৃ আৰু মাতৃয়ে স্পষ্টভাৱে সংবাদ মাধ্যমযোগে পৰেশ বৰুৱাক উদ্দেশ্যি কয় যে আলফাই এই সৰু ল’ৰাটোৰ ক্ষেত্ৰত এনে পদক্ষেপ ল’ব নালাগিছিল৷

সঞ্জীৱ আছিল ঘৰখনৰ ডাঙৰ ল’ৰা৷  দেউতাকে বহু কষ্টেৰে ডাঙৰ-দীঘল কৰা বুলি উল্লেখ কৰে সঞ্জীৱৰ মাতৃয়ে৷ সঞ্জীৱৰ পিতৃ মুনীন্দ্ৰ কুমাৰ শৰ্মাই আলফাৰ মুৰব্বী পৰেশ বৰুৱা আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পাৰ্থসাৰথি মহন্তক অভিশাপ দি কয়, ‘আপোনালোকৰ সন্তানৰো একে দশা হ’ব৷’ আনহাতে, সঞ্জীৱৰ মৃতদেহ পৰিয়ালক গতাই দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰ মৰানৈপাৰৰ গাঁওবাসীয়ে৷

গাঁওখনৰ একাংশ পুৰুষ-মহিলাৰ মন্তব্য– ‘সঞ্জীৱক ভুলৰ সংশোধনীৰ সুযোগ দিয়াৰ প্ৰয়োজন আছিল’৷ উল্লেখযোগ্য যে বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে অসম আৰক্ষীৰ কোনো শীৰ্ষ বিষয়া সঞ্জীৱৰ পিতৃ গৃহত উপস্থিত হোৱা নাই৷ আনকি স্থানীয় বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনো উপস্থিত হোৱা নাই৷ অৱশ্যে, সঞ্জীৱৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছত সঞ্জীৱৰ পিতৃ গৃহ লোকাৰণ্য হৈ পৰে৷

You May Also Like

More From Author