দীৰ্ঘ দিনৰ বিৰতিত কৃষ্ণ নাম আৰু হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা

দীৰ্ঘ দিনৰ বিৰতিত কৃষ্ণ নাম আৰু হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠান, সত্ৰ, নামঘৰ, দ’ল-দেৱালয়সমুহৰ দুৱাৰ আজি আংশিকভাৱে মুকলি হৈ পৰিছে ৷ ক’ৰোণাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOP অনুসৰি আজিৰেপৰা আংশিকভাৱে মুকলি কৰা হৈছে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ মুল দুৱাৰ ৷ পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতেই সত্ৰৰ ৫০ শতাংংশ ভকতৰ বাবে মুকলি হৈ পৰা মহাপুৰুষ মাধৱদেৱ স্থাপিত তিনিও ৰাজ্যৰ বন্দনীয় স্থান বৰপেটা সত্ৰ মুখৰিত হৈ পৰিল হৰিনাম ধ্বনিৰে ৷ ইপিনে সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে আজিৰেপৰা ক’ভিড নীকি অনুসৰি সীমিত সংখ্যক ভকতৰ অংশগ্ৰহনেৰে বৰপেটা সত্ৰত আৰম্ভ হৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ কীৰ্তন মহোৎসৱ ৷ সত্ৰীয়া ৰীতি অনুসৰি আজি সত্ৰৰ গায়ন, বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই তাল ভংগ নকৰাকৈ হৰিনাম কীৰ্তনক আগস্থান দি কীৰ্তন মহোৎসৱ অনুষ্ঠিত কৰে ৷ এইদৰে তালভংগ নকৰাকৈ দহদিন ধৰি কীৰ্তনত ভাগ লোৱাৰ বাবেই মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ বুলি কোৱা হয় ৷ যিহেতু দৰ্শনাৰ্থীৰ বাবে সত্ৰৰ দুৱাৰ মুকলি কৰি দিয়া নাই সেয়ে সীমিত সংখ্যক ভকত আৰু বংশৰাসকলৰ লগতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু সত্ৰৰ একাংশ ভকতে কীৰ্তনঘৰত অনুষ্ঠিত প্ৰসংগত ভাগ লয় ৷ উল্লেখ্য যে দহদিনীয়া কাৰ্যসূচীৰে পালন কৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱৰ কাৰ্যসূছী অনুসৰি ২৭ আগষ্টত গুৰুজনাৰ তিৰোভাৱ তিথিৰ মুল অনুষ্ঠান পালন কৰা হ’ব ৷

GTM Desk

Related