প্ৰশ্নকাকত ফাদিলঃ এতিয়ালৈকে গ্ৰেপ্তাৰ ১৪জন !

প্ৰশ্নকাকত ফাদিলঃ এতিয়ালৈকে গ্ৰেপ্তাৰ ১৪জন !

মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল কেলেংকাৰীত এতিয়ালৈকে অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডি য়ে গ্ৰেপ্তাৰ কৰিছে ১৪ জনক ।

ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ছল্ট ব্রুক একাডেমীৰ পৰা ছজনক ,তিনিচুকীয়াৰ পৰা দুজন সহ চাৰিজনৰ লগতে গুৱাহাটী মহানগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰধানশিক্ষয়িত্ৰী সহ জনক তিনিজনক। আনহাতে আন এখন শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰ ভেলীৰ গ্ৰেপ্তাৰ কৰা হৈছে এজনক৷

ইতিমধ্যে ধৃত আটাইকে গুৱাহাটীলৈ অনা হৈছে আৰু আজি পুৱাৰে পৰা উলুবাৰীস্থ চি আই ডি হেডকোৱাৰ্টাৰত কৰা হৈছে সোধপোছ ৷ সোধা-পোছাৰ পাছতআটাইকে হাজিৰ কৰোৱা হয় কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত।

উল্লেখ্য যে, তিনিচুকীয়াত যোৱাকালি গ্ৰেপ্তাৰ কৰা চাৰিজনক নিশাই অনা হৈছিল চিআইডি কাৰ্যালয়লৈ। ধৃত চাৰিজনৰ দুজন নাবালক ৷ চাৰিজনকে গ্ৰেপ্তাৰ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে ৷আনহাতে লখিমপুৰত সদৰ আৰক্ষীয়ে আটক কৰা সাতজন ছাত্ৰৰ পাঁচজনক যোৱা নিশাই গুৱাহাটীস্থ চি আই ডি কাৰ্যালয়লৈ অনা হয় । ধৃত পাঁচ ছাত্ৰ লখিমপুৰৰ দুখন বিখ্যাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ৷ আজি দিনটোৰ ভিতৰত আন কে’বাজনো ছাত্ৰক আটক কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে লখিমপুৰ আৰক্ষীয়ে ৷

GTM Desk

Related