34.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

কলিয়াবৰৰ দুটাকৈ পথত ১৪৪ ধাৰা

Assamese Newsকলিয়াবৰৰ দুটাকৈ পথত ১৪৪ ধাৰা

নিউজ ব্যুৰ’,নগাঁও,২৬এপ্ৰিল:–বনৰজাক সুৰক্ষাৰ বাবে নগাঁও জিলাৰ কলিয়াবৰৰ দুটাকৈ পথত জাৰি কৰা হৈছে ১৪৪ ধাৰা ।এইবাৰ বনৰজাক সুৰক্ষাৰ বাবে দুটাকৈ পথত ১৪৪ ধাৰা জাৰি কৰা পথ দুটি হৈছে কলিয়াবৰ চাহ বাগিচাৰ মাজেদি যোৱা শিলঘাট-কামাখ্যা মন্দিৰ- সোণাৰী গাঁও সংযোগী গড়কাপ্তানি পথ আৰু ত্ৰিশূলধাৰী পথ । কলিয়াবৰ মহকুমা প্ৰশাসনে বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈকে ১৪৪ ধাৰা জাৰি কৰিছে এই দুটা পথত।জানিব পৰা মতে,যোৱা নিশাৰ পৰা কলিয়াবৰ চাহ বাগিচা এলেকা আৰু সোণাৰী কামাখ্যা গাঁৱৰ কিছু এলেকাত পোৱালিসহ কেইবাটাও ঢেঁকীয়াপতীয়া বাঘে বিচৰণ কৰি আছে । সেই অঞ্চলত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় বা মানুহ-বাঘৰ সংঘাত নহ’বৰ বাবেই প্ৰশাসনে এই ব‍্যৱস্হা গ্ৰহণ কৰিছে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!