ধাবা নে দেহ ব্যৱসায়ৰ ঘাটি ? জুইশালত যুৱক-যুৱতীৰ যৌনাচাৰ !

1 min read

নগাঁৱৰ বাইপাছত ধাবাৰ নামত একাংশই যৌন ব্যৱসায় চলোৱাৰ এক বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ এখন ধাবাত ৷

নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰা মতে, জুইশাল ধাবাৰ পৰা আব্দুৰ ৰচিদ নামৰ এজন লোকৰ লগতে চাৰি গৰাকী যুৱতীক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷ ইফালে, জুইশালৰ স্বত্বাধীকাৰ ভেলাৰাম দাসৰ লগতে আন তিনি গৰাকী লোক ক্ৰমে ৰূপজ্যোতি দাস, দ্বীপজ্যোতি হাজৰিকা আৰু বিজয় দাসক আটক কৰিছে ৷

জুইশালত চলোৱা এই অভিযানৰ দুদিন পূৰ্বে নগাঁৱৰ মাজৰআটিত অভিযান চলাই আন এটা দেহ ব্যৱসায়ৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষীৰ দলে । মুঠতে এতিয়া ড্ৰাগছেই হওঁক বা নাৰী দেহ ব্যৱসায়ে হওঁক কোনো অপৰাধী সাৰি যাব পৰা নাই নগাঁও আৰক্ষীৰ পৰা ।

You May Also Like

More From Author