Advertisement

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক

শাওণ মাহৰ প্ৰত্যেক সোমবাৰেক কৰাহয় যদি, এই সৰু কামটি, তেন্তে মনে যি বিচাৰে, সেয়াই লাভ কৰিব পাৰিব। অৰ্থাৎ মহাদেৱৰ শুভ দৃষ্টি পৰিব আপোনাৰ ওপৰত।

হিন্দু পুৰাণ আৰু শিৱ পুৰাণৰ অনুসৰি,শাওণ মাহ হৈছে দেৱাদিৱে মহাদেৱৰ অত্যন্ত প্ৰিয় মাহ। শাওণ মাহ, লক্ষ্য লক্ষ্য ভক্ত সকলৰ বাবে পৱিত্ৰ মাহ। সেয়ে আমি শাওণ মাহত লক্ষ্য লক্ষ্য ভক্তই কিছু নিয়ম নীতি মাজেৰে পূজা অৰ্চনা কৰো। কাৰণ মহাদেৱৰ পচন্দৰ মতে কিছুমান কাম কৰিলে, ভগৱান মহাদেৱ সহজতে সন্তুস্ত হয়। এই শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰে যদি এনে কাম কৰা হয়, তেন্তে, নিশ্চয় তেওঁৰ মনৰ ইচ্ছা পূৰ্ণ হব আৰু লগতে বহুত সফলতা পাব।তথা সুখ সমৃদ্ধি সদায়ে চিৰ লগৰীয়া হব।

এই মাহৰ প্ৰত্যেকটো সোমবাৰে যদি নিৰামিষ ভোজন কৰিবলৈ পাৰে, তেন্তে অত্যন্ত মংগল হব।

২/সোমাবাৰে স্নান কৰাৰ সময়ত যদি

কলা তিল পানীদ দি স্নান কৰে, তেতিয়া শৰীৰ শুদ্ধ হয়।

৩/স্নান কৰাৰ পাছত

মহাদেৱক অভিষেক কৰক।

গংগাজল বা গাখীৰেৰে।

ইয়াৰ পাছত দেৱাদিৱে মহাদেৱৰ ওচৰত নিজৰ আৰু পৰিয়ালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিব।

৪) বেল পাত দি

শিৱ লিংগ, সজাই, চাকি বন্তি জ্বলাই, তাৰপাছত

ধতুৰা বা আকন ফুল দি, শিৱ লিংগৰ পূজা অৰ্চনা কৰক। আৰু মনে মনে ১০৮বাৰ ঔম নমাহ শিৱায়, মন্ত্ৰটি জাপ কৰক।

শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰে

এইদৰে কৰিব পাৰিলে, মহাদেৱৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত পৰিব।।

Shahnawaz Hamza

Related