মোৰাঝাৰত অভিসাৰত লিপ্ত দুই সন্তানৰ মাতৃৰ বিহপানেৰে আত্মহত্যাৰ চেষ্টা

মোৰাঝাৰত অভিসাৰত লিপ্ত দুই সন্তানৰ মাতৃৰ বিহপানেৰে আত্মহত্যাৰ চেষ্টা

হোজাইৰ মোৰাঝাৰ থানাৰ অন্তর্গত পূব বান্দৰমেলা (জালালাবাদ) গাঁৱত যোৱানিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ নিশা প্রায় ১১ বজাত গাঁওখনৰ এগৰাকী দুই সন্তানৰ মাতৃৰ লগত অভিসাৰ কৰিবলৈ আহি পশ্চিম চামৰআলী গাঁৱৰ বাসিন্দা মাৰুফ উদ্দিন নামৰ যুৱকজন ৰাইজৰ হাতত ধৰা পৰে৷ নিশাৰ ভাগত জালালাবাদ গাঁৱৰ এঘৰত মাৰুফে নিজৰ মটৰচাইকেলখন এৰি থৈ দুই সন্তানৰ মাতৃৰ লগত অভিসাৰত লিপ্ত হয়৷

গভীৰ নিশা মটৰচাইকেলখন প্রত্যক্ষ কৰি স্থানীয় ৰাইজৰ সন্দেহ ওপজে৷ ৰাইজে দুই সন্তানৰ মাতৃৰ লগত অভিসাৰত লিপ্ত থকা অৱস্থাত কৰায়ত্ত কৰে মাৰুফ উদ্দিনক৷ ধৃত যুৱকজনে পূব বান্দৰমেলা (জালালাবাদ) গাঁৱৰ স্বামী বিদেশত থকাৰ সুযোগতে দুই সন্তানৰ মাতৃৰ লগত দীর্ঘদিনৰ পৰা অবৈধ সম্পর্ক চলাই আছিল৷

স্থানীয় ৰাইজে যুৱকজনক আটক কৰি আৰক্ষীত গতাই দিয়ে৷ এই ঘটনাৰ পাছতে মহিলাগৰাকীয়ে বিষাক্ত দ্রব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায়৷ লগে লগে স্বামী পৰিয়ালৰ লোকে মহিলাগৰাকীক হোজাইৰ হাম হাস্পতালত ভর্তি কৰায়৷ বর্তমান মহিলাগৰাকীৰ অৱস্থা সংকটজনক৷ আনহাতে, অভিসাৰত ধৰা পৰা দুই সন্তানৰ মাতৃৰ স্বামী পৰিয়ালে ঘটনা সন্দর্ভত অবৈধ প্রেমিক আৰু প্রেমিকা দুয়োৰে বিৰুদ্ধে এজাহাৰ দিছে৷

GTM Desk

Related