22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

পত্নীৰে ফোনত কথা পাতি পাতি ৰে’লৰ আগত জাঁপ দিলে ৰূপমে!

Assamese Newsপত্নীৰে ফোনত কথা পাতি পাতি ৰে’লৰ আগত জাঁপ দিলে ৰূপমে!

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা৷ সাধাৰণ কথাত একাংশ লোকে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱাত সচেতন নাগৰিক সকলে উদ্বিগ্ন আৰু চিন্তিত হৈ পৰিছে৷ এইবাৰ গুৱাহাটী মহানগৰীত পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা৷ আৰক্ষীৰ মতে মোবাইল ফোনত পত্নীৰ লগত কথা পাতি ৰে’লৰ আগত জঁপিয়াই এজন যুৱকে আত্মহত্যা কৰে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ  নুনমাটিৰ লুইত নগৰৰ বাসিন্দা ৰূপম মেধিয়ে [২৮] চানমাৰিৰ দিশাখা কাশ্যপৰ লগত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই চলিছিল৷ দুই বছৰ পূৰ্বে ৰূপম মেধি আৰু দিশাখা কাশ্যপে বিবাহপাশত আৱদ্ধ হয়৷ প্ৰাৰম্ভিক অৱস্থাত দুয়োৰে সংসাৰ সুখৰ আছিল৷ স্বামীৰ গৃহত দিশাখা কাশ্যপে সংগীতৰ তালে তালে নাছি বাগি ৰীল প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়া ইনষ্ট্ৰাগ্ৰাম আৰু ফেচবুকত আপলোড কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ প্ৰথম অৱস্থাত স্বামী ৰূপম মেধিয়ে দিশাখা কাশ্যপৰ ৰীল প্ৰস্তুত কৰাত সমৰ্থন কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত পত্নীয়ে ৰীল বনোৱাত আপত্তি কৰিছিল স্বামীয়ে৷ ইপিনে, ৰূপম মেধিৰ ঘৰ চুনচালি পাহাৰত থকাৰ বাবে দিশাখা কাশ্যপে আপত্তি কৰি চানমাৰিৰ মাতৃৰ গৃহত স্বামীক থাকিবলৈ অনুৰোধ কৰিছিল৷ তদুপৰি দৰিদ্ৰ পৰিয়ালৰ যুৱক হোৱাৰ বাবে ৰূপমক পত্নী দিশাখাই তুচ্ছ-তাচ্ছিল্য কৰা বুলিও ৰূপমৰ পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ এই লৈ স্বামী-স্ত্ৰীৰ মাজত প্ৰায়েই সংঘাত হৈছিল৷ আনকি পৰকীয়া প্ৰেম কৰা বুলিও পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল৷ স্বামী-স্ত্ৰীৰ সংঘাতে চূড়ান্ত ৰূপ লোৱাত দিশাখা কাশ্যপে তিনি মাহ পূৰ্বে চানমাৰিৰ মাতৃগৃহত থাকিবলৈ লয়৷ পত্নী মাতৃগৃহত থকাৰ পাছৰে পৰা ৰূপম মেধিয়ে অত্যাধিক সুৰাপান কৰিবলৈ আৰম্ভ কৰে৷ সুৰাপান কৰি ৰূপম মেধিয়ে শহুৰৰ ঘৰলৈ গৈ পত্নী দিশাখাৰ সৈতে কাজিয়াত লিপ্ত হয়৷ আন পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই পত্নী দিশাখাই মাতৃ গৃহলৈ গুচি যোৱা বুলি ৰূপম মেধিয়ে সতীৰ্থ বন্ধুসকলক কৈ ফুৰিছিল৷ ইপিনে, সুৰাপান কৰি স্বামী ৰূপমে নিৰ্যাতন চলোৱাৰ অভিযোগ আনি দিশাখাই স্বামীৰ পৰা বিবাহ বিচ্ছেদ কৰিবলৈ প্ৰস্তুতি চলাই আছিল৷ শনিবাৰে স্বামী ৰূপমে অত্যাধিক সুৰাপান কৰি শহুৰৰ ঘৰলৈ গৈ পত্নীৰ লগত বাক বিতণ্ডাত লিপ্ত হয়৷ পত্নী দিশাখাই স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচৰাত ৰূপমে অগ্নি শৰ্মা হৈ শহুৰৰ ঘৰৰ পৰা নিজৰ মটৰ চাইকেলেৰে নুনমাটিৰ ছেক্টৰ থ্ৰীৰ ৰে’ল লাইনলৈ আহি আমন-জিমনকৈ বহি থাকে৷ এই বিষয়ে জানিব পাৰি বন্ধু ধ্ৰুৱ কলিতাই নুনমাটিৰ ছেক্টৰ থ্ৰীৰ ৰে’ল লাইনলৈ আহি বন্ধু ৰূপমক নিবলৈ আহে৷ ধ্ৰুৱই বহু বুজনি দিয়াৰ পাছতো ৰূপমে ঘৰলৈ যাবলৈ সন্মতি হোৱা নাছিল৷ বন্ধুৰ সন্মুখতে নিশা ১০.৩০ বজাত ৰূপমে পত্নী দিশাখাক ফোন কৰি কথা পাতি আছিল৷ ফোনত কথা পাতি থকাৰ মাজতে ৰূপমে দৌৰি চলন্ত ৰে’লৰ আগত জপিয়াই দিয়ে৷ ৰে’লৰ খুন্দাত মুহূৰ্ততে ৰূপমৰ শৰীৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰে আৰু থিতাতে নিহত হয়৷ পিছত ৰে’ল আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!