22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

শাহুৱেকক 3 টুকুৰা কৰাৰ লগতে স্বামীক 5 টুকুৰা কৰা বন্দনাক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Assamese Newsশাহুৱেকক 3 টুকুৰা কৰাৰ লগতে স্বামীক 5 টুকুৰা কৰা বন্দনাক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

দিল্লীৰ শ্ৰদ্ধাকাণ্ডৰ দৰে গুৱাহাটীত সংটিত হোৱা হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল (Shraddha murder repeat in Guwahati) ৷ সংবাদমেলত কি দৰে বন্দনা কলিতাই স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল তাৰ বৰ্ণনা দিলে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷ উল্লেখ্য যে , 7 মাহ পূৰ্বেই বন্দনা কলিতাই আন দুই সহযোগীৰ সৈতে লগ লাগি নিজৰ স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল মেঘালয়ৰ ডাউকীত (Woman killed husband and mother in law) ৷

ইফালে, বন্দনা কলিতাক সোমবাৰে প্ৰেৰণ কৰা হয় চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদমেলত সম্বোধন কৰি আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, ‘‘7 মাহ পূৰ্বে স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই (Bandana Kalita) । কাটি টুকুৰা-টুকুৰ কৰি মৃতদেহ পেলাই দিছিল মেঘালয়ৰ পাহাৰৰ তলত ।’’ ইতিমধ্যেই সমগ্ৰ ঘটনাৰ মূল অভিযুক্তসহ মুঠ তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে তেওঁ কয়, ‘‘2022 বৰ্ষৰ 26 জুলাইত বন্দনা কলিতাই বন্ধু অৰূপৰ সৈতে মিলি চানমাৰিত থকা শাহু শংকৰী দে’ক গাৰুৰে মুখত সোপা দি হত্যা কৰিছিল ৷ শাহুৱেকক হত্যা কৰা পাচত মৃতদেহ তিনিটা টুকুৰা কৰি ধনটি ডেকা নামৰ আন এজন যুৱকৰ বাহনত ভৰাই শ্বিলং-চেৰাপুঞ্জী পথৰ পাহাৰৰ পৰা 60 ফুট তললৈ দলিয়াই দিছিল । এই ঘটনাৰ পাচত 17 আগষ্টত স্বামী অমৰজ্যোতি দে’ক বন্ধু অৰূপ আৰু ধনটিৰ সৈতে মিলি ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে (Brutal murder in Guwahati) ৷’’

উল্লেখ্য যে, স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহো কাটি পাঁচটা টুকুৰা কৰি একেখন বাহনেৰে পেলাই থৈ আহিছিল মেঘালয়ৰ পাহাৰৰ তলত (Husband killed by wife in Guwahati) ৷ এই কথাও সংবাদমেলত সদৰী কৰে মহানগৰ আৰক্ষীৰ আয়ুক্তগৰাকীয়ে ৷ স্বামী আৰু শাহুৱেকৰ মৃতদেহ নিৰ্দিষ্ট স্থানত পেলাই দিয়াৰ পাচত 29 আগষ্টত নুনমাটি থানাত স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে বন্দনাই ৷ এজাহাৰৰ পাচতেই নুনমাটি থানাই অনুসন্ধান আৰম্ভ কৰিছিল যদিও লাভ কৰা নাছিল কোনো শুংসূত্ৰ ৷

পুনৰ এই নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ ভতিজাক নিৰ্মাল্য দে’য়ে ৷ লগতে CIDৰ কাৰ্যালয়লৈ গৈ ঘটনাৰ পুনৰীক্ষণৰ বাবে আবেদন জনায় ৷ ইয়াৰ পাচতেই CID য়ে সমগ্ৰ ঘটনা সন্দৰ্ভত SIT গঠন কৰি পুনৰ আৰম্ভ কৰে তদন্ত ৷ তদন্তকাৰী বিষয়াই বন্দনা কলিতা আৰু নিৰ্মাল্য দে‘ক মাতি আনি সোধ-পোচ আৰম্ভ কৰে (Horrific Double Murder In Guwahati) ৷

আৰক্ষীৰ জেৰাত বন্দনা কলিতাই নিজ মুখেৰে দুয়োটা হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে ৷ বন্দনাৰ স্বীকাৰোক্তিৰ পাচতেই হত্যাকাণ্ডত সহযোগ কৰা ধনটি ডেকা আৰু অৰূপ ডেকাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহাৰ কৰা সামগ্ৰী আৰু মৃতদেহ পেলাবলৈ ব্যৱহাৰ কৰা বাহনখন (Sensational murder in Guwahati) ৷

দেওবাৰে পুৱা তিনি হত্যাকাৰীক লগত লৈ আৰক্ষীয়ে মেঘালয়ত অনুসন্ধান চলাই শাহুৱেক শংকৰী দে’ৰ মৃতদেহ উদ্ধাৰ কৰে ৷ কিন্তু বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অমৰজ্যোতি দে’ৰ মৃতদেহ ৷ অৱশ্যে এই হত্যাকাণ্ড সম্পত্তিৰ বাবে নে আন কোনো কাৰণত সংঘটিত কৰা হৈছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি সদৰী কৰিছে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!