অসমৰ যুৱকৰ সৈতে প্ৰেম শ্ৰুতি হাছানৰ……
অসমৰ যুৱক শান্তনু হাজৰিকাৰ সৈতে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানে ফটো শ্বেয়াৰ কৰাৰ পিছতেই ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ পৰিছে যে অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক নেকি শ্ৰুতি হাছানৰ ।

শেহতীয়াকৈ শ্ৰুতি হাছানৰ জন্মদিন উপলক্ষে শান্তনু হাজৰিকাই নিজৰ ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীৰ ফটো সৈতে “Happy Birthday Princess.” বুলি শ্বেয়াৰ কৰি শুভেচ্ছা প্ৰদান কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত অভিনেত্ৰীগৰাকীয়েও কৈছিল, ‘মোৰ জন্মদিনক ইমান বিশেষ কৰি তোলাৰ বাবে ধন্যবাদ ।’ ইয়াৰ পিছতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল শান্তনু শ্ৰুতিৰ প্ৰেমৰ খবৰ ।
