গোঁসাইগাঁৱৰ শিমুলটাপুত পথ দুৰ্ঘটনা: নিহত এজন

1 min read

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুত ৩১ নম্বৰ ‘গ’ ৰাষ্ট্ৰীয় ঘাই পথত আজি সাংঘাতিক হয় এক ভয়ানক পথ দুৰ্ঘটনা। নিহত লোকজন গোসাঁইগাঁও মহকুমাৰ শিমুলটাপু পিজিআৰৰ নিৱাসী প্ৰয়াত আলী আজগৰ খানৰ পুত্ৰ আহমেদ হুছেইন (২৬) বুলি চিনাক্তকৰণ কৰা হৈছে। জানিব পৰা মতে নিহত ব্যক্তিজন নিজৰ ই-ৰিক্সা লৈ শ্ৰীৰামপুৰৰ পৰা শিমুলটাপু অভিমুখে গৈ থাকোতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ লগত মুখামুখিভাবে খুন্দা লাগে। ট্ৰাকখনৰ নম্বৰ আছিল আৰ জে-১৪ জি এফ-২৫৬৯। উক্ত খবৰ পাই শিমুলটাপু আৰক্ষীবিষয়াই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰন কৰাৰ লগতে ট্ৰাকখনক আটক কৰি শিমুলটাপু থানাত লৈ আনে।

You May Also Like

More From Author