Advertisement

SI প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদ:ৰিপুন বৰা,ৰকিবুল হুছেইন,বাবুক আটক

SI প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদ:ৰিপুন বৰা,ৰকিবুল হুছেইন,বাবুক আটক

গুৱাহাটী: এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি আটক হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা,ৰকিবুল হুছেইন আৰু ন-কংগ্ৰেছী বাবু বৰুৱা।

দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সত কেলেংকাৰীৰ উচ্চস্তৰীয় তদন্ত দাবী কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

উল্লেখযোগ্য যে,প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই অহা সময়তে প্ৰথমে বেৰিকেড দি বাধা দিয়াৰ চেষ্টা কৰে আৰক্ষীয়ে।

কিন্তু বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই অহাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,বিৰোধী উপ-দলপতি ৰকিবুল হুছেইন আৰু বাবু বৰুৱাক আৰক্ষীয়ে আটক কৰি লৈ যায়।

Ali