মই ইণ্টাৰনেচনেল মানুহ, অসমীয়া নকও’- অসমীয়া ভাষাৰ সন্দৰ্ভত অপমানসূচক মন্তব্য AIUDFৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ

মই ইণ্টাৰনেচনেল মানুহ, অসমীয়া নকও’- অসমীয়া ভাষাৰ সন্দৰ্ভত অপমানসূচক মন্তব্য AIUDFৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ

অসমীয়া ভাষা কোনে জানে? মই ইণ্টাৰনেচনেল মানুহ,অসমীয়া নকও।’- শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনকলৈ সূচনা হোৱা বিতৰ্কৰ উত্তৰ দিবলৈ গৈ অসমীয়া ভাষাৰ সন্দৰ্ভত এনেদৰে অপমানসূচন মন্তব্য কৰিলে AIUDFৰ বিধায়ক চিৰাজুদ্দিন আজমলে।

উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তীব্ৰতৰ হৈছে দুই বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মাজত কথাৰ কটাকটি। দুয়োটা দলেই ইটোৱে সিটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। AIUDFৰ বিধায়কে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়া বুলি কংগ্ৰেছ দলে অভিযোগ উত্থাপন কৰাৰ সময়তে AIUDF-ৰ বিধায়কেও দাবী কৰিছে যে, কংগ্ৰেছে নিজৰ দোষ ঢাকিবলৈ এনেদৰে দলটোৰ বিধায়কসকলক জগৰীয়া কৰিছে।

GTM Desk