ধুবুৰী আদালতত উত্তপ্ত পৰিৱেশঃ আদালত চৌহদত আৰক্ষী বিষয়াই অধিবক্তা এগৰাকীক অস্ত্ৰ দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ

ধুবুৰী আদালতত উত্তপ্ত পৰিৱেশঃ আদালত চৌহদত আৰক্ষী বিষয়াই অধিবক্তা এগৰাকীক অস্ত্ৰ দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ

আজি বিয়লিৰ ভাগত ধুবুৰী আদালত চৌদদত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। কেতিয়া নঘটা, নাভূত–নাশ্ৰুত ঘটনাৰ সূত্ৰপাত ঘটাই অকস্মাতে আদালতৰ বাৰান্দাত এগৰাকী আৰক্ষী বিষয়াৰে আদালতৰ একাংশ অধিবক্তাৰে দূৰ্বাদল কাজিয়াৰ আৰম্ভ হোৱা দেখা যায় । ধুবুৰী অধিবক্তা সন্থাৰ সম্পাদক আব্দুল চামাদে কৰা অভিযোগ অনুসৰি আজি ধুবুৰীৰ কলেজ নগৰ আৰক্ষীয়ে গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৫গৰাকী ব্যাক্তিকে ধৰি এগৰাকী অধিৱক্তাক আদালতলৈ অনা হৈছিল। পিছত উক্ত গোচৰটোৰ আই অ’ৰূপে থকা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি নাথে আদালতলৈ অনা সেই অধিবক্তাগৰাকীক ডাবি–ধমকি দিয়া পায় ধুবুৰী আদালতৰ অইন এগৰাকী জ্যেষ্ঠ অধিবক্তা জমশেৰ তালুকদাৰে। বিৱৰণি অনুসৰি, সেই প্ৰত্যক্ষ কৰি চৰকাৰী খাকী পোছাক পৰিধান নকৰা অৱস্থাত থকা সেই আৰক্ষী বিষয়াগৰাকীক সংযত হ’বলৈ আহ্বান জনায় অধিবক্তা তালুকদাৰে। অভিযোগ অনুসৰি, লগে লগে জাঙুৰ খাই ধুবুৰীৰ কলেজ নগৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে পিষ্টল উলিয়াই আদালতৰ বাৰাণ্ডাতে অধিবক্তা জমশেৰ তালুকদাৰক ভাবুকি প্ৰদান কৰে। এই ঘটনাক লৈ আদালতত উপস্থিত থকা অধিবক্তাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পিছত আদালতলৈ ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ উপস্থিত হয় আৰু পৰিস্থিতিৰ শাম কাটে। ইপিনে আজিৰ এই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰী অধিবক্তা সন্থাই আৰু সন্থাৰ সম্পাদক আব্দুল চামাদে অনতিপলমে আৰক্ষী বিষয়া নাথক নিলম্বন কৰাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি ধুবুৰীৰ আৰক্ষী অধীক্ষকগৰাকীৰ ওচৰত দাবী জনাইছে। শেহতীয়াভাৱে, গৰুৰ চোৰাং সৰবৰাহকাৰীৰূপে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অধিবক্তা জনৈক ছামিয়ুল হক আনছাৰিক ধুবুৰী আদালতে জামিন প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

 

GTM Desk

Related