ৰংঘৰত বিকৃতকৰণ কৰা কাৰ্যক গৰিহণা আম আদমি পাৰ্টীৰ…

ৰংঘৰত বিকৃতকৰণ কৰা কাৰ্যক গৰিহণা আম আদমি পাৰ্টীৰ…

৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌয্য বীৰ্যৰ প্ৰতীক ৰংঘৰৰ ঐতিহ্যত বিজেপি দলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ ৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত এক কাৰ্যসূচীৰ বাবে বিকৃত ৰূপ আৰু ৰাজনীতিকৰ প্ৰতিচ্ছবি প্রতিফলন ঘটাই বিশ্বৰ ঐতিহ্যক আঘাট হনা কাৰ্য্যক আম আদমি পাৰ্টীয়ে তীব্ৰ গৰিহণা দিছে।

এক প্ৰেছ বিবৃতিযোগে দলটোৱে শান্তি- সম্প্ৰীতি আৰু ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা অসমীয়াৰ জাত্যভিমান ৰক্ষাৰ প্ৰতীক ৰংঘৰক এইদৰে সাম্প্ৰদায়িক প্ৰলেপ সানি অসমীয়া জাতিৰ স্বাভিমানক আক্ৰমণ কৰাটো কোনোপধ্যেই গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰে।

আম আদমি পার্টীয়ে এনেকুৱা গর্হিত কাৰ্যৰ বাবে অসম চৰকাৰে অসমীয়া ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনোৱাৰ লগতে বিশ্ব ঐতিহ্যৰ অসমৰ ঐতিহাসিক সমল সমূহত বিকৃত ৰূপ দিয়া এনে কাৰ্য্য শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে।

GTM Desk