শিৱসাগৰত ৰাইজৰ দল,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

1 min read

ক’ভিড তথা লকডাউনে কোঙা কৰা অসমৰ অৰ্থনীতি এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। গাঁৱৰ চহা খেতিয়সকলৰ অৱস্থা যেনেকৈ তথৈবচ, ক্ষুদ্র ব্যৱসায়ীৰ পৰা আদি কৰি বিভিন্ন বৃত্তিধাৰীৰ সকলো লোক আর্থিকভাৱে ভীষণ জুৰুলা হৈ পৰিছে। এফালে ইউৰিয়া আদি সাৰ, পশুখাদ্য আদিৰ ব্যাপক মূল্যবৃদ্ধি আৰু বহু ক্ষেত্ৰত কৃত্ৰিম নাটনিয়ে কৃষক, পশু পালকসকলক বহু লোকচানৰ সন্মুখীন হ’বলৈ বাধ্য কৰাইছে। বৰ্তমান সময়ত আপোনাৰ নেতৃত্বত থকা চৰকাৰখনে একচিতিয়া পুঁজিপতিৰ হাতত সমগ্ৰ বজাৰ ব্যৱস্থাটো এৰি দি বস্তুৰ দাম অনিয়ন্ত্ৰিত হাৰত বঢ়াই সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন শোধাইছে। জীৱনদায়িনী ঔষধৰ মূল্য যোৱা কিছুদিনত প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে, যাৰ ফলত স্বাস্থ্য সেৱাও জনসাধাৰণৰ বাবে মহঙা হৈ পৰিছে। শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে ৱেপ’ ৰেট বৃদ্ধিৰ যি সিদ্ধান্ত লৈছে, তাৰ ফলত পুনৰ বেংকৰ ঋণৰ সূদৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে। চৰকাৰে এনেবোৰ বিষয়ত অকণো গুৰুত্ব দিয়া নাই। যোৱা কিছুদিনত গৃহনির্মাণৰ সামগ্ৰী- শিল, ৰড, চিমেণ্ট আদিৰ মূল্য আকাশলংঘী হৈ পৰিছে। ব্যাপক মূল্যবৃদ্ধি আৰু আপোনাৰ চৰকাৰৰ উদাসীনতাৰ বাবে আগন্তুক দিনত অসমৰ জনসাধাৰণে জীৱনৰ প্ৰাথমিক প্রয়োজন খাদ্য, বাসস্থান আৰু কাপোৰৰ বাবেও হাহাকাৰ কৰিবলগীয়া যে হ’ব সেয়া স্পষ্ট হৈ পৰিছে।

 

 

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে অতিশীঘ্ৰে চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ ।

১। পেট্ৰ’ল আৰু ডিজেলৰ ৰাজ্য চৰকাৰৰ ভেট হ্ৰাস কৰি পেট্ৰ’লজাত সামগ্ৰীসমূহৰ মূল্য হ্রাস কৰাৰ ব্যৱস্থা কৰক। চৰকাৰক আবকাৰী শুল্ক হ্ৰাস কৰিবলৈ দাবী জনাওক।

২:ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিবৰ বাবে বিহিত ব্যৱস্থা হাতত লওক৷

৩। টোলগেটসমূহ উঠাই দিয়ক।

৪। দৈনন্দিন ব্যৱহাৰ্য খাদ্য সামগ্রী, শাক-পাচলি আদি সুলভ মূল্যত জনসাধাৰণে লাভ কৰাৰ ব্যৱস্থা কৰক। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে দাইল, মিঠাতেল, চাবোন আদি সামগ্রী সুলভ মূল্যত বিতৰণৰ ব্যৱস্থা কৰক।

৫। ক’ভিডত ক্ষতিগ্রস্ত তথা জীৱিকা হেৰুওৱা লোকসকলক আৰ্থিক স্বাৱলম্বনৰ ব্যৱস্থা কৰক।

৬। গৃহ নিৰ্মাণৰ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰক।

৭। কৃষি উৎপাদনৰ সৈতে জড়িত ইউৰিয়া সাৰ আদিৰ মূল্য

৮। পশুখাদ্যৰ মূল্য নিয়ন্ত্ৰণ কৰি পশুপালক, দুগ্ধ উৎপাদনৰ লগত জড়িতসকলক সকাহ দিয়ক।

৯। নতুন উদ্যোগীসকলক কৰ ৰেহাইৰ ব্যৱস্থা কৰি তেওঁলোকক উদ্যোগ স্থাপন কৰি নিবনুৱাসকলক সকাহ দিবলৈ ব্যৱস্থা

১০। সম্প্ৰতি ৰাজ্যখনত দেখা দিয়া বানপানী ৰোধৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ বান আক্ৰান্ত পৰিয়ালসমূহক সাহাৰ্য প্ৰদান কৰক। এইসমূহ দাবী উথাপন কৰি আজি নগৰৰ মাজেৰে উলিওৱা প্ৰতিবাদী সমদলক আৰক্ষী প্ৰশাসনে বাধা আৰোপ কৰি প্ৰতিবাদকাৰীক হস্তক্ষেপ কৰে আৰু আধা বাটতে সমদল স্হগিত কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

You May Also Like

More From Author