আপোনাৰ ছাল খন সুন্দৰ কৰি ৰখাৰ সহজ উপায়

আপোনাৰ ছাল খন সুন্দৰ কৰি ৰখাৰ সহজ উপায়

বহুলোকৰ ছালখন বৃদ্ধ বয়সলৈকে ধুনীয়া হৈ থাকে কিন্তু বহুতৰে আকৌ কম বয়সতে দেহৰ ছাল বৃদ্ধ লোকৰ দৰে হয়।
কম বয়সতে দেহৰ ছালখনৰ উজ্জ্বলতা নাইকিয়া হোৱা কাৰণ সমূহৰ ভিতৰত ঘাইকৈ চিগাৰেট সেৱন, সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ, মানসিক চাপ আৰু খাদ্য তালিকাখন প্ৰধান।

যিবোৰ খাদ্য গ্ৰহণ কৰিলে কম বয়সতে ছালৰ সৌন্দৰ্য কমে, ছাল সোটোপা পৰে সেই খাদ্য ভাগ হল:-

১) চেনী :-

চেনী হ’ল ছালৰ বাবে অতিকৈ বিষাক্ত দ্ৰব্য । চেনী আৰু চেনীৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য কেতিয়াওঁ খাব নালাগে, দেহৰ ছালখন ভালে ৰাখিবলৈ হ’লে। চেনী খোৱাৰ পিছত ই বিয়োজন হৈ দেহৰ ছালত থকা ঘাই প্ৰটিন কলাজেনৰ সৈতে সংলগ্ন হয় আৰু যাৰ ফলত দেহৰ ছালত বিস্তৰ ক্ষতিসাধন হয়।

অকল চেনীয়ে নহয় চকলেট, মিঠাই, কেন্দী আৰু ডনাট আদি সকলোবোৰ দেহৰ ছালৰ বাবে অপৰিপূৰক। উল্লেখযোগ্য যে দেহত চেনীৰ পৰিমাণ বৃদ্ধি হলে ইনচুলিন হৰমনৰ প্ৰয়োজন বৃদ্ধি হয় আৰু ফলত পাৰ্শ্বক্ৰিয়া হিচাপে দেহৰ ছালখনৰ সৌন্দৰ্য কমি যায়।

২) শিতল আৰু শক্তি বৰ্দ্ধক পনীয়া :-

শিতল আৰু শক্তি বৰ্ধক পনীয়াত বহু পৰিমাণে ৰিফাইন চেনী, দেহৰ বাবে বিষাক্ত কিছু এচিদ আৰু বিভিন্ন ধৰনৰ ক্ষতিকাৰক ৰাসয়নিক দ্ৰব্য মিশ্ৰিত হৈ থাকে। এইবোৰত অতিৰিক্ত ভাবে চদিয়াম আৰু কেফেইন মিহলোৱা হয়। ফলতেই চালখনৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে।

৩) বেছিকৈ ভজা খাদ্য :-

তেলত উচ্চ উষ্ণতাত খাদ্য ভাজিলে এবিধ বিষাক্ত দ্ৰব্য ” এদভান্স গ্লাইকেচন ইণ্ড প্ৰদাক্ত” উৎপাদন হয়। আৰু এই খাদ্য খালে চালখনত কুপ্ৰভাব পৰাৰ উপৰিও মগজুৰ অৱসাদ বৃদ্ধি হয়। লগতে হাড়ৰ অষ্টেয়পৰছিচ, হৃদৰোগ, ইত্যাদিৰো আশাংকা বৃদ্ধি হয়।

৪) প্ৰচেচ মাংস :-

যেনে :- বেকন, চালামি আৰু চচেছ আদি খাবলৈ সুস্ৱাদু যদিওবা এইবোৰ সেৱনে আপোনাক সোনকালে বৃদ্ধ কৰি পেলাব। কিয়নো এইবোৰত বহু বেছি পৰিমাণে সংৰক্ষক দ্ৰব্য আৰু চালফাইট মিহলাই দিয়া হয়।

৫) ফাস্ত ফুদ :-

পিজা, বাৰ্গাৰ, চাওমিন,ইদলি, ডছা ইত্যাদি ফাস্ত ফুদ সমুহে দেহত চৰ্বী ৰ পৰিমাণ বৃদ্ধি কৰিব আৰু দেহত অতিৰিক্ত চৰ্বী জমা হলে আপোনাক কম বয়সতে বৃদ্ধ দেখা যাব।

৬) বনস্পতি তেল :- কেনলা, চয়াবিন তেল চালৰ বাবে হানিকাৰক।

৭) মদ্যপান :-

মদ্যপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি সৰ্বজন বিধিত। অত্যাধিক মদ্যপানে শৰীৰৰ কোষৰ পৰ আবৰ্জনা সমূহ নিষ্কাষণ কৰা ঘাই অংগ যকৃতক ক্ষতি কৰে। দেহত অতিৰিক্ত চৰ্বি জমা হয় মদ্যপানৰ ফলত। ইয়াৰ উপৰিও অতিৰিক্ত মদ্যপান ৰ ফলত টোপনিৰ “গভীৰ নিদ্ৰা” স্তৰত প্ৰভাৱ পৰিব। যাৰ ফলত আপুনি আৰু আপোনাৰ ছালখন কম বয়সতে বৃদ্ধ হৈ পৰিব।

৮) অত্যাধিক মছলা আৰু জলকীয়া মিশ্ৰিত খাদ্য :-

খাদ্যৰ তালিকাত যদিহে অত্যাধিক জলকীয়া আৰু মছলা থাকে তেনেহলে আপোনাৰ ছালৰ শিৰ-উপশিৰ সমূহ ফুলিবলৈ আৰম্ভ হ’ব আৰু ৰঙা পৰি যাব যাক “ৰোজেচ্চা” বুলি কোৱা হয় । লগতে ছালখনৰ শিৰত “স্পাইদাৰ ভেইন” নামৰ পৰিঘটনা ঘটিব পাৰে। যাৰ ফলত ছালখন দেখিবলৈ বেয়া হব।

৯) নিমখ আৰু বেছিকৈ নিমখ দিয়া খাদ্য খোৱা :-

বেছিকৈ নিমখ দিয়া খাদ্য আৰু খাদ্যৰ লগত অতিৰিক্ত নিমখ খালে তেজত চদিয়ামৰ পৰিমাণ বৃদ্ধি হয় যাৰ ফলত তেজত অতিৰিক্ত পানী জমা হৈ থাকিব আৰু দেহৰ ছালখন ফুলা ফুলা দেখা যাব। অতিৰিক্ত নিমখ খালে দেহত বহুত আন ৰোগ হব পাৰে সেইবোৰ পিছলৈ আলোচনা কৰা হব।

১০) শুকান ফল :-

বহুদিনৰ বাবে পেকেটিং কৰি থোৱা শুকান ফলবোৰ আমি যিমানেই ভাল বুলি নাভাবোঁ আচলতে ক্ষতিকাৰকহে, কিয়নো এইবোৰ সংৰক্ষণ কৰিবলৈ ছাঁলফাইট মিহলি কৰা হয়। আৰু এই ছালফাইট দাঁত আৰু ছালৰ বাবে অত্যন্ত ক্ষতিকাৰক।

2020-11-19

GTM Desk

Related