25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

নিশা ভালদৰে শুব নোৱাৰিলে কি কৰিব? টোপনি কিয় কম হয়?

Assamese Newsনিশা ভালদৰে শুব নোৱাৰিলে কি কৰিব? টোপনি কিয় কম হয়?

সু-স্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। নিশা ভালকৈ শুলে গা-মন দুয়োটাই সজীৱ হৈ থাকে। পিছে সকলো লোকৰে টোপনি একে নহয়। কোনোবাই শোৱাৰ পাছত কাণৰ কাষত ঢোল বজাই থাকিলেও গম নাপায়। আনহাতে কোনোবাই আকৌ টোপনিৰ অভাৱত গোটেই নিশা শোৱাপাটীত চাটিফুটি কৰি কটাব লাগে।

বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰ বহু ৰোগে আগুৰি ধৰিবলৈ আৰম্ভ কৰে। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে এজন সুস্থ প্ৰাপ্তবয়স্কই গোটেই দিনটোত প্ৰায় ৮ ঘণ্টা শুব লাগে। যদি ৪০ বছৰ বয়স হোৱাৰ পাছত কমকৈ টোপনি ধৰে, তেন্তে সজাগ হোৱাটো প্ৰয়োজন। নহ’লে পিছত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ভাল টোপনি আহিবলৈ কি কি কৰিব লাগে?

১) কুহুমীয়া পানীৰে গা ধুব লাগে

যদি আপুনি ভালদৰে টোপনি যাব বিচাৰে, তেন্তে শুবলৈ যোৱাৰ আগতে কুহুমীয়া পানীৰে গা ধুই লোৱাৰ অভ্যাস গঢ়ি তোলক। এনে কৰিলে আপুনি অলপ আৰাম অনুভৱ কৰিব আৰু তেতিয়া টোপনি ধৰা সহজ হ’ব।

২) মনটো শান্ত কৰি ৰাখক

৪০ বছৰ বয়স হোৱালৈ পুৰুষ-মহিলা উভয়ৰে ওপৰত পাৰিবাৰিক দায়িত্বৰ বোজা যথেষ্ট বাঢ়ি যায়, যাৰ বাবে দুঃশ্চিন্তা হোৱাটো সাধাৰণ কথা। এই দুঃশ্চিন্তাই ৰাতিৰ টোপনিতো প্ৰভাৱ পেলায়, যাৰ ফলত অস্থিৰতাৰ বাবে টোপনি নাহে। এনে নহ’বৰ বাবে আপুনি ৰাতি মনটো শান্ত কৰি ৰখা প্ৰয়োজন। তেতিয়াহে আপুনি ৮ ঘণ্টা আৰামত শুব পাৰিব।

৩) ধ্যান কৰা

ধ্যান হৈছে যোগাভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ। ধ্যানে উত্তেজনা আৰু উদ্বেগ আঁতৰাই মনত শান্তি দিব পাৰে। ইয়াৰ বাবে এজন বিশেষজ্ঞৰ সহায় লওক। কিছুদিন অনুশীলনৰ পিছতে আপুনি শান্তিৰে শুবলৈ আৰম্ভ কৰিব।

৪) ৰাতি চাহ নাখাব

চাহ খালে ভাগৰ দূৰ হয় আৰু সতেজ অনুভৱ হয়। কিন্তু যদি আপুনি ৰাতি চাহ-কফি আদি খোৱাৰ অভ্যাস কৰে, তেন্তে ভালকৈ টোপনি অহাত অসুবিধা হ’ব। যদি চাহ নোখোৱাকৈ আপুনি থাকিবই নোৱাৰে তেন্তে সন্ধিয়াৰ ভিতৰতে চাহ খোৱা কামটো সমাধা কৰক।

৫) বিচনাত এই কাম কৰাটো এৰক

মোবাইল, লেপটপ বা পঢ়া কিতাপ লৈ বিচনাত বহি থাকিলে আপোনাৰ টোপনিৰ সময় কমি যাব পাৰে। সকলো কামৰ বাবে এটা উপযুক্ত সময় ঠিক কৰি লওক। ৰাতি বিচনাত পৰি থকাৰ সময়ত আপোনাৰ মনোযোগ মোবাইল বা লেপটপৰ ফালে যাবলৈ নিদি পোনে পোনে শুই যাবলৈ চেষ্টা কৰক। বিচনাত এই কাম সমূহ কৰাৰ ফলত টোপনি নোহোৱা হয়।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!