Advertisement

আপুনি চিগাৰেট আসক্ত নেকি? আপোনাৰ আসক্তি আঁতৰ কৰিবলৈ আপোনাৰ হাততে ইয়াৰ মহৌষধ!

আপুনি চিগাৰেট আসক্ত নেকি? আপোনাৰ আসক্তি আঁতৰ কৰিবলৈ আপোনাৰ হাততে ইয়াৰ মহৌষধ!

সকলোৱে জানে যে চিগাৰেট সেৱন কৰাটো মাৰাত্মক হ’ব পাৰে। কিন্তু ইয়াৰ পিছতো এই আসক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ্থ হয়। আপুনি জানে যে ধুম্ৰপান স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক! মন কৰিবলগা কথা যে যিকোনো ধৰণৰ আসক্তিয়ে আমাৰ শৰীৰৰ লগতে মানসিক ক্ষতি সাধন কৰিব পাৰে। যদি আপুনি বিভিন্ন চেষ্টাৰ পিছতো চিগাৰেট সেৱনৰ  অভ্যাস কম কৰিবলৈ অক্ষম তেন্তে আজিয়ে জানি থওক এই উপায়কেইটা, যিয়ে আপোনাক কিছু পৰিমাণে হ’লেও সহায় কৰিব।

১) যদি আপুনি চিগাৰেট সেৱনৰ অভ্যাস ত্যাগ কৰিব বিচাৰে, তেন্তে আপুনি  মৌ উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰে। মৌত প্ৰকৃততে ভিটামিন, এনজাইম আৰু প্ৰ’টিন থাকে, যি আপোনাক ধুম্ৰপান ত্যাগ কৰাত সহায় কৰিব পাৰে।

২) যদি আপুনি চফগুটি আপোনাৰ মুখত ৰাখে, তেনে পৰিস্থিতিত আপুনি লাহে লাহে ধুম্ৰপানৰ অভ্যাস কমাব পাৰিব। যেতিয়াই আপুনি চিগাৰেট সেৱন কৰিব বিচাৰে, তেতিয়া আপুনি মুখত চফগুটি  ৰাখিব।

৩) কেঁচা পনীৰ খালেও এই ক্ষেত্ৰত  লাভদায়ক। কেঁচা পনীৰ খালে বহু সময়লৈকে বাহিৰা বস্তু খাবলৈ মন নাযায়। যদিহে চিগাৰেটৰ প্ৰতি আসক্তি আহে, তেনে সময়ত আপুনি কেঁচা পনীৰ খাব পাৰে।

৪) ইয়াৰোপৰি আপুনি ডালচেনি ব্যৱহাৰ কৰি চিগাৰেট সেৱনৰ অভ্যাস দুৰ কৰিব পাৰে।যদি আপুনি আপোনাৰ মুখত ডালচেনিৰ টুকুৰা এটা ৰাখে, তেন্তে ই আপোনাৰ হেঁপাহ হ্ৰাস কৰিব।

গতিকে এইদৰে কিছুমান সৰু সৰু বস্তু খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি চিগাৰেট খোৱাৰ প্ৰৱণতাৰ পৰা নিজকে আঁতৰ কৰি সু- স্বাস্থ্য গঢ়ি তুলিব পাৰে।

Shahnawaz Hamza

Related