34.6 C
Assam
Sunday, May 28, 2023

Featured News

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

টাইমছ ফেশ্বন সপ্তাহত কেট-ৱক গুৱাহাটীৰ বিপাশাৰ

-অসম তথা উত্তৰ পূবৰ পৰা শ্ব’ ষ্টপাৰলৈ-টাইমছ...

নগাঁৱত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক,সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

Assamese Newsনগাঁৱত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক,সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৩০মে’:-ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক, সমাজসেৱক,নগাঁৱৰ অগ্ৰণী প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মাৰ ২৫ তম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয় ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পৰ সভাগৃহত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে প্ৰয়াত শৰ্মাৰ পত্নী নিৰু দেৱীয়ে । স্মৃতিচাৰণ সভাখনিত বিশিষ্ট লেখক-সমালোচক উপেন্দ্ৰ বৰকটকীৰ সম্পাদনাত প্ৰকাশিত “বলেন্দ্ৰনাথ শৰ্মা জীৱন আৰু কৰ্ম” নামৰ গ্ৰন্থখনি উন্মোচন কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক তথা বিশিষ্ট সাহিত্যিক অপূৰ্ব শৰ্মাই ।গ্ৰন্থখনি উন্মোচন কৰি অপূৰ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা এজন কৰ্মনিষ্ঠ ব্যক্তি আছিল ৷ কষ্টকৰ জীৱনৰ আৰম্ভণি তেওঁ শেষলৈকে অব্যাহত ৰাখিছিল ৷

নগাঁৱত এটা অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰাত তেওঁৰ অনবদ্য অৰিহণা আছিল ৷ তেওঁ লগতে কয় বাতৰি কাকতৰ চাহিদা বৃদ্ধিত অসম আন্দোলনে এক সুযোগ আনি দিছিল। সেই সময়ত বাতৰি কাকতৰ প্ৰচলন বৃদ্ধি পাইছিল।তেওঁ বাতৰি কাকতৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু আসক্ত বৃদ্ধি কৰিছিল ৷ লগতে বিভিন্ন সামাজিক কামৰ লগত জড়িত থাকি সমাজত সঠিক ভাৱে আগবঢ়াই নিয়াত তেওঁৰ অৰিহণা আগবঢ়াইছিল ৷ উক্ত স্মৃতিচাৰন সভাখনিত বিশিষ্ট সাহিত্যিক- গৱেষক ডঃ নৰেন কলিতা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে শিক্ষক হিচাপে বলেন্দ্ৰনাথ শৰ্মাৰ এক বিশেষ পৰিচিতি আছিল ৷ তেওঁ এজন সঁচা অৰ্থত ভাল মানুহ আছিল। তেওঁ ওপৰ খাপৰ শিক্ষাবিদ আছিল । সভাখনিত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে বলেন্দ্ৰ নাথ শৰ্মা সমাজৰ হিতৰ বাবে নিৰৱে কাম কৰি যোৱা এজন আদৰ্শ ব্যক্তি আছিল ৷ উক্ত সভাখনিত “নিয়মীয়া বাৰ্তা” কাকতৰ সম্পাদক নৰেশ কলিতা উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা অকল বাতৰি বিতৰক প্ৰতিষ্ঠান লগত জড়িত নহয় শিক্ষাৰ প্ৰসাৰৰ লগতো জড়িত আছিল । নগাঁওখনক বৌদ্ধিক দিশত আগুৱাই নিয়াত বলেন্দ্ৰনাথ শৰ্মাৰ গুৰুত্বপূৰ্ণ অৱদান আছিল ৷এই প্ৰচেষ্টা সমগ্ৰ মধ্য অসমত প্ৰসাৰিত হৈছিল ৷ তেওঁ সামাজিক দায়বদ্ধতা,ভাষাৰ প্ৰতি থকা টানৰ বাবেই তেওঁ ৰুমী-ৰূপক নামৰ বাতৰি বিতৰক প্ৰতিষ্ঠা কৰিছিল ৷ লগতে তেওঁ কয় যে আমি কিতাপ পঢ়িব লাগিব ৷ যদি আমি নপঢ়োঁ তেতিয়া হ’লে এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰিম বুলি আশা কৰিব নোৱাৰি ৷ বলেন্দ্ৰনাথ শৰ্মাই পঢ়ুৱৈ সৃষ্টি কৰিবলৈ যি চেষ্টা কৰিছিল সেইয়া উল্লেখনীয় ৷ পঢ়ুৱৈ সৃষ্টিৰ বাবে আমি সচেতন লোক অভিভাৱক সকলে পদক্ষেপ লব লাগিব ৷ ভাষাটো জীয়াই ৰখাৰ বাবে ছাত্ৰ- ছাত্ৰীক পিতৃ-মাতৃয়ে প্ৰেৰণা যোগাব লাগিব ।

অসমীয়া ভাষাক তেতিয়াহে আমি শক্তিশালী ৰূপত জীয়াই ৰাখিব পাৰিম। উক্ত স্মৃতিচাৰণ সভাখনিত বিশিষ্ট সাংবাদিক তথা “আমাৰ অসম” কাকতৰ সম্পাদক মনোজ গোস্বামী উপস্থিত থাকি ভাষণ প্ৰসংগ কয় যে সাহিত্য-সংস্কৃতি বাতাবৰণ সৃষ্টি কৰাত বলেন্দ্ৰনাথ শৰ্মা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ লগতে কয় যে বলেন্দ্ৰ নাথ শৰ্মাৰ ৰুমী-ৰূপক এন্টাৰপ্ৰাইজ “মিটিং পইন্ট” আছিল । অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই ভাষণ প্ৰদান কৰি বলেন্দ্ৰ নাথ শৰ্মাৰ জীৱন কৃতিৰ ওপৰত আলোকপাত আগবঢ়াই।এই স্মৃতিচাৰণ সভাত আদৰণি ভাষণ আগবঢ়াই প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ পুত্র তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে মই ২৫ টা বছৰ পিতৃৰ লগত আৰু ২৫ টা পিতৃহীন ভাৱে পাৰ কৰিলোঁ। পিতৃৰ অনুপস্থিতিত তেওঁৰ আদৰ্শ শিৰত লৈ কাম কৰাৰ বাবে আগবাঢ়ি গৈছোঁ ।সাংবাদিক জীতেন বৰকটকীয়ে আঁত ধৰা স্মৃতিচাৰণ সভাখনিত নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানতে বিধায়ক ৰূপক শৰ্মাই তেওঁৰ প্ৰয়াত পিতৃ বলেন্দ্ৰ নাথ শৰ্মাৰ নাম এটি ন্যাস গঠন কৰাৰ কথাও ঘোষণা কৰে । সভাৰ আৰম্ভণিতে আমন্ত্ৰিত বিশিষ্ট অতিথি সকলক ফুলাম গামোচা,জাপি,কীৰ্তন পুথি আৰু একোটাকৈ গছ পুলিৰে সম্ভাষণ জনোৱা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!