চতিয়াত কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ বিধায়ক পদ্ম হাজৰিকাৰ

1 min read

ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউন । এফালে লকডাউন আনফালে ৰাজ্যচৰকাৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান । কাৰণ এই লকডাউনৰ সময়ছোৱাত বহিঃ ৰাজ্যৰ পৰা গৃহমুখি হৈছে লকডাউনৰ ফলত আবদ্ধ হৈ পৰা লোকসকল ।

চতিয়া সমষ্টিত বহি:ৰাজ্যৰপৰা নিজ গৃহলৈ আহিব বিচৰা যুৱক যুৱতীসকলক ৰাখিবৰ বাবে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়, বাৰেচহৰীয়া সামূহিক ভৱন আৰু চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হ’ব ।

আজি এই স্থাপন হ’বলগীয়া কোৱাৰেণ্টাইন চেণ্টাৰসমূহৰ স্থান পৰিদৰ্শন কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই ।

বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে- এই কোৱাৰেন্টাইন চেন্টাৰ সমূহ গুণগত মানদণ্ডৰ হ’ব লাগিব আৰু এই প্ৰস্তুতি কম সময়ত সম্পূৰ্ণ কৰিব লাগিব যাতে কোৱাৰেন্টাইনত থাকিব লগা সকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় । নিজৰ মানুহখিনিয়ে আপোন ঠাইখনত যাতে কোনোধৰণৰ অৱহেলা বা অসুবিধাৰ সন্মূখীন নহয় তাৰ বাবে গোটেই বিষয়টো আমি নিজে তদাৰক কৰিছো ।

লগতে কোৱাৰেন্টাইন চেণ্টাৰ প্ৰস্তুতিত আমি আমাৰ স্থানীয় লোক সকলক নিয়োজিত কৰিছোঁ । নিজৰ মানুহে আপোন জনৰ বাবে কৰা প্ৰস্তুতি গুণগত মানৰ হব এইয়া আমাৰ বিশ্বাস বুলি বিধায়ক পদ্ম হাজৰিকাই মন্তব্য কৰে ।

You May Also Like

More From Author