শিক্ষানুষ্ঠান খোলাৰ এছঅ’পি ৩ দিনৰ ভিতৰতঃ পর্যায়ক্রমে ৰাজ্যত আৰম্ভ হ’ব পাঠদান

0 min read

 ক’ভিড পৰিস্থিতি ক্রমাৎ ৰাজ্যত উন্নত হ’বলৈ আৰম্ভ হোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহ অহা ১ ছেপ্টেম্বৰৰ পৰা পুনৰ খুলিবলৈ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ বিশেষকৈ দশম, দ্বাদশ, স্নাতক চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ পাঠদান পুনৰ আৰম্ভ হ’ব বুলি ইতিমধ্যে সদৰী কৰিছে ৰাজ্য চৰকাৰে৷

শিক্ষানুষ্ঠানসমূহ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে পুনৰ আৰম্ভ কৰাৰ সময়ত পালন কৰিবলগীয়া নীতি–নিয়মসমূহ সন্নিৱিষ্ট কৰি অহা তিনি দিনৰ ভিতৰত শিক্ষা বিভাগে প্রকাশ কৰিব এছ অ’ পি৷ এই কথা সদৰী কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

ডিফুৰ এক অনুষ্ঠানত অংশগ্রহণৰ বাবে উপস্থিত হোৱা শিক্ষামন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘অহা ছেপ্টেম্বৰৰ পৰা পর্যায়ক্রমে শিক্ষানুষ্ঠানসমূহ খোলা হ’ব৷ প্রথম পর্যায়ত চূড়ান্ত বর্ষসমূহ, যেনে– দশম, দ্বাদশ, স্নাতকৰ চূড়ান্ত বর্ষ আজি খোলাৰ ব্যৱস্থা কৰা হ’ব৷ তাৰ পাছত পর্যায়ক্রমে ক’ভিড পৰিস্থিতি উন্নত হ’লে আন শ্রেণীসমূহ খোলাৰ চিন্তা–চর্চা কৰা হ’ব৷ ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে সুকীয়া এছ অ’ পি প্রস্তুত কৰা হৈছে৷ এই এছ অ’ পি পর্যালোচনা কৰা হৈছে৷ মুখ্যমন্ত্রীৰ অনুমোদন লাভ কৰিলেই তিনি দিনৰ ভিতৰত এই এছ অ’ পি প্রকাশ পাব৷

You May Also Like

More From Author