পইছাৰ বিনিময়ত নিশাৰ বাবে পুৰুষক গটাইছিল সুন্দৰী যুৱতী, গুৱাহাটীত জেৰা আৰম্ভ!

পইছাৰ বিনিময়ত নিশাৰ বাবে পুৰুষক গটাইছিল সুন্দৰী যুৱতী, গুৱাহাটীত জেৰা আৰম্ভ!

স্পা আৰু বিউটি পাৰ্লৰৰ নামত এগৰাকী মহিলাই গুৱাহাটীত চলাই আছিল নাৰী দেহ ব্যৱসায়ৰ ৰম ৰমিয়া বেহা।
কাম বিচাৰি অহা যুৱতীক নাৰী দেহৰ ব্যৱসায়ত জড়িত কৰি ধন ঘটা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী আৰক্ষী৷ মহিলাগৰাকীয়ে গুৱাহাটীত দেহ ব্যৱসায়ৰ জড়িত কৰিছিল বহু যুৱতীক৷

যোৰহাটত পল্লৱী কলিতা নামৰ মহিলাগৰাকীক যোৰহাট আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে৷ পল্লৱীয়ে বিউটিচিয়ানৰ কামৰ চলেৰে যুৱতীক জড়িত কৰিছিল দেহ ব্যৱসায়ত৷

মহিলাক আজি যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ অনা হয়৷ গুৱাহাটীত জেৰা কৰি থকা বুলি জানিব পৰা গৈছে৷ পল্লৱী কলিতাৰ ঘৰ বোকাজানত বুলি জানিব পৰা গৈছে৷ যোৰহাটৰ বৰুৱা চাৰিআলিৰ এখন ইউনি চেক্স বিউটিপাৰলাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীক৷

Shahnawaz Hamza