মহাকাশত যৌন সম্ভোগ কৰা প্ৰথমজন মানুহ হ’ব বিচাৰে পৰ্ণ তাৰকা জনী চিন্সে

মহাকাশত যৌন সম্ভোগ কৰা প্ৰথমজন মানুহ হ’ব বিচাৰে পৰ্ণ তাৰকা জনী চিন্সে

মহাকাশৰ মহাজাগতিক পৰিৱেশত যৌন সম্পৰ্কত লিপ্ত হোৱা প্ৰথমজন পুৰুষ হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিব বিচাৰে পৰ্ণ ষ্টাৰ জনী চিন্সে। যাৰ বাবে এতিয়া তেওঁ কাষ চাপিছে বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কৰ।

আমেৰিকাৰ কোটিপতি ইলন মাস্কে বৰ্তমান টুইটাৰৰ মালিকীস্বত্ব লাভ কৰিছে যদিও তাৰ বহু আগৰে পৰাই তেওঁ স্পেচ এক্সপ্ল’ৰেচন টেকন’লজিছ কৰ্প’ৰেশ্যন ওৰফে স্পেচ এক্স (SpaceX)ৰ মালিক। মহাকাশ ভ্ৰমণ আৰু ভ্ৰমণ সুলভ কৰি তোলাৰ লক্ষ্য সংস্থাটোৰ। জনী ছিন্সে ইলনৰ কোম্পানীৰ সহায়ত মহাকাশলৈ যাব বিচাৰে। এক সাক্ষাৎকাৰত পৰ্ণ ষ্টাৰগৰাকীয়ে এই কথা নিজ মুখে প্ৰকাশ কৰিছে। য’ত সোধা হৈছিল তেওঁৰ ইচ্ছাৰ বিষয়ে। তেতিয়া পৰ্ণ ষ্টাৰগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰত কয় যে তেওঁ মহাকাশত উদ্দাম যৌন সম্ভোগ কৰা প্ৰথমজন পুৰুষ হ’ব বিচাৰে। এটা অতি কঠিন কাম। ইয়াৰ বাবে আৰ্থিক আৰু কাৰিকৰী সহায়ৰ প্ৰয়োজন। আৰু পৰ্ণ ষ্টাৰগৰাকীয়ে ভাবে যে কোটিপতি তথা স্পেচ এক্স কোম্পানীৰ মালিক ইলন মাস্কে তেওঁক এই সপোন পূৰণ কৰাত সহায় কৰিব পাৰে।

কিন্তু বিজ্ঞানীসকলে মহাকাশত যৌন সম্পৰ্ক স্থাপনৰ পক্ষপাতী নহয়। কাৰণ তাত মাধ্যাকৰ্ষণ শক্তি নাই। যাৰবাবে মহাকাশত বিভিন্ন প্ৰকাৰৰ মহাজাগতিক ৰশ্মি আৰু বিদ্যুৎচুম্বকীয় তৰংগৰ ফলত কোনোবাই গৰ্ভৱতী হ’লে ভ্ৰুণত বিসংগতি দেখা যায়। ইয়াৰ উপৰিও স্থানে ৰক্ত সঞ্চালন, হাড়ৰ বৃদ্ধি আৰু পেশীৰ কাৰ্য্যকলাপতো প্ৰভাৱ পেলায়। ফলত মহাকাশচাৰীসকলেও যৌন সম্পৰ্ক স্থাপন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

এনে ক্ষেত্ৰত জনীৰ সপোন পূৰণ হ’বনে! বা ইলন মাস্কেও ইয়াৰ বাবে জনীক সহায়-সহযোগিতা আগবঢ়াব নে! এই সকলো প্ৰশ্নৰ উত্তৰৰ বাবে হয়টো সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব।

Shahnawaz Hamza

Related