ভাল খবৰ! নিউ বঙাইগাঁও-গুৱাহাটীৰ মাজত প্ৰতিদিনে চলিব বিশেষ পেচেঞ্জাৰ ৰে’ল

ভাল খবৰ! নিউ বঙাইগাঁও-গুৱাহাটীৰ মাজত প্ৰতিদিনে চলিব বিশেষ পেচেঞ্জাৰ ৰে’ল

ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি সকলাে পেচেঞ্জাৰ ৰে’লৰ চলাচল বন্ধ হৈ পৰাত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ৰে’লত নিয়মীয়াকৈ যাতায়াত কৰা যাত্ৰীসকল।

শেহতীয়াকৈ উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৰাজ্যৰ অধিকাংশ পেচেঞ্জাৰ ৰে’লৰ চলাচল চিৰদিনৰ বাবে বন্ধ কৰা বুলি ওলােৱা খবৰৰ মাজতে ৰে’ল বিভাগে নিউ বঙাইগাঁও তথা গুৱাহাটীৰ মাজত বিশেষ পেচেঞ্জাৰ ৰে’ল প্ৰতিদিনে চলােৱাৰ কথা ঘােষণা কৰিছে।

মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৰ মহাপ্রবন্ধকে প্রেৰণ কৰা নির্দেশনা অনুসৰি অহা ১৪ ডিচেম্বৰৰ পৰা কার্যকৰী হোৱাকৈ ০৫৮০১ নম্বৰৰ যাত্রীবাহী ৰে’লখন পুৱা ৪.৪৫ বজাত নিউ বঙাইগাঁও জংচনৰ পৰা যাত্রা আৰম্ভ কৰি ৯.১৬ বজাত গুৱাহাটী ষ্টেচনত প্রৱেশ কৰিব।

একেদৰে ০৫৮০২ নম্বৰ গুৱাহাটী–নিউ বঙাইগাঁও অভিমুখী ৰে’ল সন্ধিয়া ৫.৩০ বজাত পল্টন বজাৰ ষ্টেচনৰ পৰা যাত্রা কৰিব।

GTM Desk