সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

 শুকুৰবাৰে লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে সংগঠনটো ৷ উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা সংগঠনটোৱে এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ৰাইজৰ সহযোগত ৷ কিন্তু আজিকোপতি কেন্দ্ৰ কি ৰাজ্য চৰকাৰ, কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই এই সমস্যাটোৰ ওপৰত ৷

ইয়াৰ লগতে বিভিন্ন প্ৰতিবাদী শ্ল’গান যেনে, বিজেপি গ’ বেক, এনএইচপিচি হুচিয়াৰ, শক্তিমন্ত্ৰী গ’ বেক, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ ছাত্ৰ সংগঠনটোৰ দাবী, যেতিয়ালৈকে জলবিদ্যুৎ প্ৰকল্পটোৰ নামনিৰ ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নহয় তেতিয়ালৈকে প্ৰতিবাদ সাব্যস্ত কৰি যাব সংগঠনটোৱে ৷

প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটোৰ নেতৃত্বই কয়, ছাত্ৰ সন্থাই 2001 চনৰ পৰাই এই প্ৰকল্পটোৰ বিৰুদ্ধে যুঁজ দি আহিছো ৷ এই প্ৰকল্পটোৱে পৰৱৰ্তী সময়ত নামনি অঞ্চলৰ ৰাইজক ভয়ংকৰ বিপদত পেলাব ৷ ইয়াৰৰ লগে লগে ভূমিকম্প প্ৰৱণ অঞ্চলত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰা ব্যৱস্থাটো নিৰাপদ নহয় বুলি বিশেষজ্ঞ সকলে ইতিমধ্যে প্ৰতিবেদনৰ জৰিয়তে উল্লেখ কৰিছে ৷ তাৰ পাচতো প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে এনএইচপিচিয়ে ৷

লগতে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই কয় যে, বিগত নিৰ্বাচনৰ পূৰ্ৱে বৰ্তমানৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙসহ বিজেপি দলেও এই প্ৰকল্পটো নিৰ্মাণৰ বিৰোধীতা কৰিছিল ৷ বিৰোধীতা কৰাই নহয়, জন সমৰ্থন লৈ পৰৱৰ্তী সময়ত চৰকাৰ দখল কৰিবলৈও সক্ষম হৈছিল বিজেপি দল ৷ শাসনৰ গাদী দখল কৰাৰ পাচতো ওলোটা খৰ মাৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰকল্পটো নিৰ্মাণ কৰাতহে উঠি পৰি লাগিছে ৷ যিটো অসমৰ জনসাধাৰণৰ বাবে দুৰ্ভাগ্যপূৰ্ণ বুলি কয় ছাত্ৰ সন্থাইৰ নেতৃত্বই ৷

সম্প্ৰতি ছাত্ৰ সংগঠনটোৱে পুনৰ চৰকাৰক সকিয়াই দিছে, সময় থাকোতে যদি চৰকাৰে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য বন্ধ নকৰিলে অতি শীঘ্ৰে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ৷

GTM Desk