Success Story: বাছ চালকৰ কন্যা ছানা আলী আজি ISROৰ বিজ্ঞানী

Success Story: বাছ চালকৰ কন্যা ছানা আলী আজি ISROৰ বিজ্ঞানী

বিফলতাক হেঙাৰ হ’বলৈ নিদি পৰিশ্ৰম কৰিব লাগিবঃ ছানা আলী

 সকলো বাধা অতিক্ৰম কৰি বাছ চালকৰ কন্যা ছানা আলী ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী হিচাপে নিযুক্ত হ’ব। মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ বাসিন্দা ছানা সতীশ ধাৱন মহাকাশ কেন্দ্ৰ ISRO ত সহকাৰী কাৰিকৰী অভিযন্তা হিচাপে নিৰ্বাচিত হৈছে।

নিজৰ দৰিদ্ৰতাক নিজৰ উন্নতিৰ পথত বাধা হ’বলৈ নিদি কঠোৰ পৰিশ্ৰম কৰি গৈছিল ছানাই। পৰিয়ালৰ পৰা পোৱা সহযোগিতাই তেওঁৰ অৰ্থনৈতিক অৱস্থাক কেতিয়াও হেঙাৰ হ’বলৈ দিয়া নাই। পিতৃ ছায়েদ সাজিদ আলীয়ে কন্যাৰ উচ্চশিক্ষাৰ বাবে ঋণো ল’ব লগীয়া হৈছিল লগতে মাতৃয়ে নিজৰ গহণা পাতিও বন্ধকত ৰখিছিল।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কৈছিল, “মই এটা মধ্যবিত্ত পৰিয়ালৰ, মই সহকাৰী কাৰিকৰী অভিযন্তা হিচাপে সতীশ ধাৱন মহাকাশ কেন্দ্ৰত নিযুক্তি পাইছোঁ। মই প্ৰতিগৰাকী মহিলাক এটাই ক’ব বিচাৰো যে, আপোনালোকে নিজৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ’বলৈ সম্পূৰ্ণ প্ৰচেষ্টা চলাওক। বিফলতাক হেঙাৰ হ’বলৈ নিদি, যেতিয়া লৈকে আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে তেতিয়ালৈকে পৰিশ্ৰম কৰিব লাগিব ।”

GTM Desk

Related