প্ৰহাৰত ভাঙি গৈছিল সুশান্তৰ হাত-ভৰি আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক!

প্ৰহাৰত ভাঙি গৈছিল সুশান্তৰ হাত-ভৰি আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক!

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ আজিও প্ৰশ্ন উত্থাপন হয়৷ প্ৰকৃততে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছিল সেয়া আজিও ৰহস্য৷ শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ এক বৃহৎ দাবী কৰিছে ৰূপকুমাৰ শ্বাহ নামৰ এজন ব্যক্তিয়ে৷ তেওঁ দাবী কৰিছে যে আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক৷

২০২০ চনৰ ১৪ জুনত চৰম সিদ্ধান্ত লৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতে৷ সুশান্তৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কুপাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছিল যে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰিছিল৷ অভিনেতাগৰাকীৰ মৃত্যুৰ দুবছৰৰ পিছত ৰূপকুমাৰ শ্বাহে দাবী কৰিছে যে প্ৰকৃততে সুশান্তক হত্যা কৰা হৈছিল৷ উল্লেখ্য যে ৰূপকুমাৰ শ্বাহ হৈছে সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষা কৰা শৱগৃহৰ সেৱক৷ সেই সময়ত অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত কোঠাত উপস্থিত আছিল ৰূপকুমাৰ শ্বাহ৷

ৰূপকুমাৰ শ্বাহে কয় যে সুশান্তৰ মৃত্যুৰ সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে পাঁচটা মৃতদেহ অনা হৈছিল। শৱগৃহৰ সেৱকক কোৱা হৈছিল যে পাঁচটা মৃতদেহৰ ভিতৰত এটা ভিআইপি বডী আছে, কিন্তু সেই মৃতদেহ আগতে চিনাক্ত কৰা হোৱা নাছিল৷ লগতে ৰূপকুমাৰে কয় যে যেতিয়া মৃতদেহটোৰ পৰা কাপোৰ আঁতৰোৱা হৈছিল, মৃতদেহত আঘাতৰ চিন স্পষ্ট আছিল৷ ডিঙিৰ তিনি-চাৰি ঠাইত আঘাতৰ চিন স্পষ্টকৈ দেখা গৈছিল৷  এনেকুৱা লাগিছিল যে প্ৰহাৰত হাত-ভৰি ভাঙি গৈছিল৷ ৰূপকুমাৰে দাবী কৰে যে সুশান্তৰ ডিঙিত যি আঘাতৰ চিন আছিল, সেই আঘাত আত্মহত্যা নহয় বৰঞ্চ হত্যাৰ দৰে দেখা গৈছিল। লগতে তেওঁ কয় যে আত্মহত্যা কৰা কোনো লোকৰ শৰীৰত এনেধৰণৰ চিন দেখা নাযায়৷

তদুপৰি ৰূপকুমাৰে কয় যে মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’গ্ৰাফী কৰিব লাগিছিল যদিও চাহাবে কৈছিল যে তেওঁ ভিডিঅ’গ্ৰাফীৰ সলনি ফটোতহে কাম কৰিব বিচাৰিছিল আৰু যিমান সম্ভৱ সোনকালে মৃতদেহটো প্ৰদান কৰিব বিচাৰিছিল। এনেদৰেই ৰাতি মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল৷

GTM Desk

Related