তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত দলটোৰ নেতৃত্ব ল’ব সুস্মিতা দেৱে

তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত দলটোৰ নেতৃত্ব ল’ব সুস্মিতা দেৱে

অসমৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতিৰ লগতে দলটোৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰে। সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰা সুস্মিতা দেৱে অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব। তেওঁ অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিব। এক বিশেষ সূত্ৰই এই তথ্য প্ৰকাশ কৰে ।

অসমৰ নেত্ৰীগৰাকীয়ে বৰ্তমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক লগ কৰিবলৈ কলকাতাত আছে। টিএমচিৰ এটা সূত্ৰই জনোৱা মতে, ‘যদি তেওঁ যোগদান কৰে, তেন্তে তেওঁ অসমত তৃণমূল কংগ্ৰেছক নেতৃত্ব দিব।’

ইতিমধ্যে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দল ত্যাগৰ বিষয়ে অৱগত কৰি এক পত্ৰ প্ৰেৰণ কৰে । শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিবলৈ এক মহাজোঁট প্ৰস্তুত কৰি প্ৰতিদ্বন্দিতা কৰিছিল যদিও বিজেপিক পুনৰ ক্ষমতালৈ অহাৰ পৰা বাধা দিব নোৱাৰিলে।

 

GTM Desk